পোহৰৰ উৎসৱ: দীপাৱলী-চিন্ময় ডেকা

©Admin
0
দীপাৱলীৰ মধুৰ শুভক্ষণ
পোহৰৰ থৈয়া-নথৈয়া বান
ৰং-বিৰঙৰ আতচবাজীৰ
সৈতে, আমাৰ চিনাকী
পৰিচিত নাম;
পোহৰৰ উৎসৱ দীপাৱলী।
তমসা আঁতৰাবলৈ
জ্বলিছে আজি চাকি-বন্তি,
আমাৰ ঘৰৰ পদূলিত
বাটচ'ৰাই দিছে, ন-ৰূপৰ শোভাবৰ্ষণ 
মতলীয়া কৰিছে জানোচা আমাৰ জনজীৱন।
এটি উৎসৱৰ মধু আলোড়ন
বুজাব নোৱাৰিছোঁ,
মই,যেন আধুনিকতাৰ গ্ৰাসত
জলাঞ্জলি দিয়া,
এজন পথভ্রষ্ট পথিক।
ঠিকনাবিহীন, কাল অমানিশাই একমাত্ৰ সংগী।
মোৰ আশাৰ সঞ্জীৱনী
মধুৰতম অতীতৰ কিম্বা স্মৃতিবোৰ বিচাৰি
পোহৰৰ উৎসৱ আমাৰ দীপাৱলী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)