সূর্যোদয়:(খণ্ড নং-২২)~ৰাজেন দাস

©Admin
0
জীৱন বৰ সহজ নহয়। অসহজো নহয়। জীৱনৰ প্ৰতি খোজত সমস্যা থাকে, নাথাকেও।সোণৰ চামুচ মুখত লৈ অহাও নথকা নহয়। নানান ঘাট-প্ৰতিঘাটৰ মাজত প্ৰবল পৰাক্ৰমেৰে জীৱন যুদ্ধলৈ আগবাঢ়ি আহি ন্যায় আৰু পৰিৱৰ্তন বিচৰা মহাভাৰতৰ কৰ্ণ চৰিত্ৰ বৰ প্ৰিয়। জীৱন-যাপন ভালকৈ কৰিব পৰাটোও  এটা কথা। low percent ৰহে জেআৰএফ হয়। বাৰে বাৰে নেট/জে.আৰ.এফ দি আছোঁ। টিকাব পৰা নাই। কৌশল সলাব লাগিব। বিভিন্ন জন নেট/জেআৰএফৰ পৰীক্ষাৰ্থীৰ সৈতে দিনটোত দুবাৰ তিনিবাৰকৈ কথা পতাত লাগিলো। মই বহু দাদা, বা'ক আমনি কৰোঁ। নেট/জেআৰএফপাবলৈ ।লগৰবোৰকো। কোনেও বুজাই-বঢ়াই নিদিয়ে। কিজানি তেওঁলোকতকৈ আগবাঢ়ি যাওঁ। এবাৰ লগৰ এজনীক নেট/জেআৰএফ সম্পর্কে বুজাই দিবলৈ হোৱাটচআপ কৰিছো। তাই মাত্ৰ শুভেচ্ছা বুলি কৈ পাল মাৰিলে। ভাৰতৰে বহু শিক্ষক,গৱেষক বা নেট/জেআৰএফ সম্পর্কে বহু ফ্রি ক্লাচ দিয়ে।বহু সহায় কৰে। মটিভেটেড কৰে। লাইক,কমেন্ট,চেয়াৰ,চাবক্ৰা ইব ঘন্টা বজোৱা কামখিনি থাকে। আমাৰ অসমীয়া নেট/জেআৰএফৰ ভিডিও দিয়া চেনেল কম। নিচেই কম। তথ্যপ্রযুক্তিৰ দিনত এনে চেনেলৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ। আমাৰ ইয়াত হিংসা, ঈৰ্ষা,কামোৰা-কামুৰিতেই দিন যায়। ব্যস্ত জীৱন,ব্যস্ত সময়। কোনো কাৰোৰে কথা ভাবিবৰ আহৰি নাথাকে। মইয়ো ফ্ৰিতে পঢ়িছোঁ, চ'ছিয়েল মিডিয়াত।ইউটিউব,ফেচবুক,ৱিকাশপিডিয়া,উইকিপিডিয়া,আনএকাডেমি আদি প্লেটফৰ্মত। অসমীয়া ই-আলোচনীৰ পৰাও তথ্য
 সংগ্ৰহ কৰিব পাৰি। সাহিত্য ডট. অৰ্গ,আখৰ,মণিকূট,শব্দ ইত্যাদি এনে ই-আলোচনী। পেইড কৌৰ্চৰ বাবে শকতি নাই। বিশেষকৈ পেপাৰ ওৱানখনৰ বাবে। সেইখন ইংৰাজী।মেজৰ খনৰ দৰে তাতো দহটা ইউনিট আছে। টিচিং এপটিটিউড, ৰিচাৰ্চ এপটিটিউড, কমিউনিকেশন,ইণ্ডিয়ান লজিক, ডাটা ইন্টাৰপ্ৰিটেশ্বন, এনভাইৰণমেন্টেল ইত্যাদি। মেজৰ অসমীয়া পেপাৰখন বহু লেণ্ডী। অসমীয়া লোক সাহিত্যৰ পৰা অনুবাদ সাহিত্য লৈ কত কিমান বিষয়। অৱশ্যে বহু কথা জানিব পাৰিছো। মূল পাঠটো আমি পঢ়িবলৈ যত্ন কৰিব লাগে। যিটো সদ্যহতে আমি নকৰোঁ। গাইড ফলৌ কৰোঁ। ফলত কনচেপ্ট ক্লিয়াৰ নহয়। মূলপাঠত এটা ধাৰাৱাহিকতা আমি দেখা পাওঁ।কনচেপ্ট খিনিও পৰিস্কাৰ হৈ গৈ থাকে। পঢ়াৰ উপৰিও আমি পঢ়াখিনিকে শুনিব লাগে। অভ্যাস কৰিব লাগে। অভ্যাসে নৰ কৰ্ণ পথে কৰে শৰ। 
 একেবোৰকে বছৰ বছৰ পঢ়ি থাকো। সেইয়া চাকৰিৰ বাবেই হওঁক, নেট/জেআৰএফৰ বাবেই হওঁক। অৱশ্যে বাৰে বাৰে বিফলতাত বহু শিকা হয়, বুজা হয়। ঠেকা পোৱা যায়। ইটো পৰীক্ষাতকৈ সিটো পৰীক্ষা বেছি ভাল হৈ গৈ থাকে। পাৰচেন্টটেজটো ইনক্ৰিছ হয়। ডিকক্ৰিছ খুব কমেই হয়। ফলাফলৰ পিচত দ্বিতীয় দিনাই পূৰ্ণগতিত প্ৰস্তুত হোৱা হয়। বেছিদিন নাথাকে। দাঁত-ওঁঠে কামুৰি খঙত জ্বলি পকি উঠে। এইবাৰ দেখা যাব মই পাৰিমেই। কিছুৰ বাবে শেনটোৰ দৰে হৈ ফেঁচাটোৰ দৰে যোৱাও দেখা যায়। সেই সাহসটো পৰীক্ষাত বহি পৰীক্ষা দি থকা সময়খিনিলৈকে ধৰি ৰাখিব লাগিব। 
 মই নিজে পাছ কৰিব পৰা নাই। লগৰবোৰে হেনো মোৰ কথাত মটিভেটেড পায়। হয় অ। "আপোনাৰ কথা জোৰ আছে। আঁহক আমি সকলোৱে আগবাঢ়ি যাওঁ।"
     (২) 
নেট পোৱা টান। জে.আৰ.এফ পোৱা আৰু টান। নানা মুনিৰ নানা মত। নেট প্ৰফেছৰৰ বাবে মিনিমাম কোৱালিফিকেচন। নেট চাৰ্টিফিকেট লাইফটাইম ভেলিডিটি। জেআৰএফ পাঁচ বছৰীয়া। দুবছৰ জেআৰএফ। তিনিবছৰ এছআৰএফ। ইউজিচিয়ে ষ্ট্ৰং ফাইনেঞ্চ দিয়ে। এম.ফিল পিএইচডি ডিগ্রী কৰিবৰ বাবে। মাজে সময়ে নেট খুঁচৰি nta. nice. in/ugc.nic.inত বিচাৰি থাকো। ইউজিসিৰ স্কীমৰ কথা, তেওঁলোকৰ উদ্দেশ্য, লক্ষ্য, কাৰ্য, চেয়াৰমেন ইত্যাদি দিশ সামৰি প্ৰশ্ন আহে। এনেবোৰ দিশ মন দিব লাগে। 
"আচলতে চা সূৰ্য্যাংশ্ৰী, খাব জানিলে চাউলেই চিৰা,বহিব জানিলে মাটিয়েই পীৰা।তেনেকৈয়ে পঢ়িব জানিলে হাততে সকলো পাবি। নিজক নিজৰ মতে সলাই ল'ব পাৰিবি। কষ্ট কৰিবলৈকো সাহস কৰ। ৰিস্ক ল। তেতিয়া হাবাথুৰি খাই থাকিব লগা নহয়।"
আপোনাৰ কথাই বহু সাহস দিলে। মোৰ দৰে বহুতকে। এনেকৈ নিজেও আগবাঢ়ক। আমিও আগবাঢ়ো।
যিয়ে ধৈৰ্য্য, কষ্ট কৰিব পাৰে। তেওঁলোকৰ ধৈর্য্য সাহসৰ পৰীক্ষাটো অলপ দীঘলীয়াও হয়। কিন্তু পৰীক্ষাৰ শেষত পোহৰ পোহৰ আৰু পোহৰ। 
"পোহৰৰে চাকিগছি আমি
জ্বলামেই এদিন জ্বলাম... "

 (৩) 
বহু ল'ৰা-ছোৱালী ওলাই আহি থাকে। গৈ থাকে। ছমহীয়া নেট পৰীক্ষাই বহুতৰ ফিউচাৰ ব্ৰাইট কৰি গৈ থাকে। অলপ পইন্টত ৰৈও থাকে। মোৰো এনে হৈ আছে। বহু কষ্ট কৰি মহাসাগৰখন পাৰ হ'ব পৰা নাই । যিকোনো পৰীক্ষা উজু বুলি ল'ব নালাগে। বহু কষ্ট কৰি ল'ব লাগে। ভাল ফল এদিন আহিব। আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। 
 পুৱাই ডিকেডি কলেজৰ কেৰাণী জয়দাদাৰ ফোন। কেকেএইচত ক্লাচৰ কথা ক'বলৈ সম্ভৱ। শ্ৰদ্ধাৰ কুশলচন্দ্ৰ পূজাৰী হেড। ছাৰে সেই ক্লাচৰ সুবিধাটো কৰি দিছে। আনকি ছাৰে মই ভাড়া পইচা দিব নোৱৰাত দিও দিছে। মোৰ দৰে বহু দুখীয়া ল'ৰা-ছোৱালী মাজে-সময়ে সহায় কৰি আহিছে। চিৰঋণী হৈ থাকিম। দুখীয়াৰ মূল বুলি পোৱা ছাৰলৈ শতবাৰ প্ৰণাম। ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। 
"ৰাজেন, আজি ক্লাচ ১০-১২ বজালৈ। মাষ্টাৰ ডিগ্ৰী। অসমীয়া সংস্কৃতি পেপাৰখনৰ।"
"ঠিক আছে, দাদা"
মই ক্লাচটোলৈ ৰৈ থাকো। সপ্তাহে এদিন হয়। ঘন্টাই প্ৰতি ৩০০ টকা।কেতিয়াবা নহয়। সমস্যা হয়। ঘৰ ভাড়া, খোৱা-বোৱা, পঢ়া-শুনা ইত্যাদি খৰচ আছেই। ক্লাচকেইটাৰে জোৰাটাপলি মাৰি চলি যাওঁ। পঢ়াবলৈ কিতাপ এখন দি দিয়ে। কিতাপসমূহৰ প্ৰস্তুতিৰ লগত বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচাম , ড° নিভাৰাণী কলিতা আৰু বহু গুণী-মানী জড়িত। বৰ ধুনীয়াকৈ চমুকৈ, সহজকৈ , বুজিবপৰাকৈ, প্ৰশ্নোত্তৰ দিয়া থাকে। সহায়ক গ্ৰন্থপঞ্জীও থাকে। সেই কিতাপ বোৰে নেট/জেআৰএফ পৰীক্ষাৰ্থীক যথেষ্ট পৰিমাণে সহায় কৰে। তদুপৰি কেকেএইচৰ ইউটিউব চেনেলত বহু তথ্য মজুত আছে। নেচনেল লাইব্ৰেৰী,পিএইচডি থেচিছৰ লগতে নানান তথ্য পাব পৰা ছুধগংগা ইত্যাদিটো তথ্য আমি পাব পাৰোঁ। বয়ঘৰ,চাইণ্চটিয়া,আমাজন ইত্যাদিৰ পৰা কিতাপ অৰ্ডাৰো দিব পাৰোঁ। বৰ্ণ, পূবেৰুণ, অসম প্ৰকাশন পৰিষদ, ব্ৰহ্মপুত্ৰ গ্ৰন্থ প্ৰকাশ ইত্যাদি পৰাও বিভিন্ন কিতাপ অনলাইনত গুগল পে' কৰি ডাকযোগে আনি পঢ়িব পাৰোঁ। নেটৰ পেপাৰ দুই/মেজৰ অসমীয়াৰ বাবে বহু তথ্য সংগ্রহ কৰিব পৰা যায়। শেষ পৰীক্ষাত মোক বহু সহায় কৰিছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)