সৎ মানুহ এজনৰ শত্ৰু বহুত । সঁচাৰ আশ্ৰয় লোৱা, সৎ পথত চলা , এজন সৎ সাহসী মানুহ হোৱা বাবেই সৎ মানুহ এজনৰ শত্ৰু বহুত বেছি । সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি কোৱাৰ বাবেই সৎ মানুহ এজন সকলোৰে শত্ৰু হৈ পৰে ।
কোনোবাই ভুল কৰিলে ভুলটো শুধৰাই দুনাই তেনে ভুল নকৰিবলৈ পৰামৰ্শ দিয়া বাবেই সৎ মানুহ এজনৰ শত্ৰু বেছি । আনৰ বেয়াটো দেখিব নোৱাৰি এসময়ত নিজৰ সৰ্বোচ্চ ত্যাগ কৰি সহায় কৰা মানুহজনো এসময়ত শত্ৰু হৈ পৰে । বহু মানুহেই আন মানুহক মাত্ৰ নিজৰ প্ৰয়োজনতহে মনত পেলায়।প্ৰয়োজন শেষ হোৱাৰ লগে লগে সকলো পাহৰি যায় ।
নিজৰ প্ৰয়োজনত আপোন বুলি চিনাকি দিব , প্ৰয়োজন শেষ হ‘লে সম্পৰ্কও শেষ ।
সৎ মানুহ এজনৰ চাৰিওফালে শত্ৰু । তথাপিও কিন্তু সৎ মানুহ এজনে কোনোদিনে হাৰ নামানি নিজৰ কৰ্ম কৰি যায় । সৎ মানুহ এজনৰ হাজাৰজন শত্ৰু একলগ হ'লেও কিন্তু এসময়ত সৎ পথত চলা মানুহজনৰেই জয় হব ।
কাৰণ সত্যৰ সদায় জয় হয় । সঁচাটোৰ ওচৰত মিছাৰ এদিন নহয় এদিন পৰাজয় নিশ্চিত ।
প্ৰায় মানুহে আজিকালি ভালটোতকৈ বেয়াটোক বেছিকৈ আকোঁৱালি লয় । তাৰ ফলতেই ক্ৰমান্বয়ে বেয়াৰ সংখ্যাও বাঢ়ি গৈ আছে । কিন্তু কিয় ? ভালটোক আকোঁৱালি লৈ বেয়াটোক সকলোৱে ত্যাগ কৰকচোন , দেখিব বেয়াটো আপোনা-আপুনি নাইকিয়া হৈ যাব ।
জীৱনত কিবা এটা কৰিম বুলি ভাবিলে হাজাৰ শত্ৰুক নেওচি আগবাঢ়ি যাবই লাগিব । জীৱনৰ পথত আগবাঢ়োতে কোনেও হয়তো উৎসাহ দিব নোৱাৰিব , কাৰণ বহুতেই আনে সৎ পথত চলাটো সহিব নোৱাৰে , সঁচাটোক সঁচা বুলি ক'ব ভয় কৰে , সৎ পথত থকাজনৰ বিপক্ষে বহুত মানুহ দেখি সৎ পথত চলাজনৰ পৰা আতৰি থাকে । নিজৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ পথত অকলেই আগবাঢ়িব লাগিব মাত্ৰ সত্যক সাৰথি কৰি ।
মোৰ বিশ্বাস সত্যয়েই এদিন সৎ পথত চলা সকলো মানুহকেই , মিছাৰ আশ্ৰয় লোৱা সকলো মানুহৰ আগত জয়ী বুলি চিনাকি কৰাব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ