কিবা ক'ব ধৰিছিল সিদিনা
তেওঁ কাৰোবাক হয়তো বিচাৰি আছিল
অসহ্য যন্ত্ৰনাত
হয়তো কিবা ক'ব খুজিছিল
আনদিনাৰ দৰেই ,কপালত ৰঙা তিলকটোৰে
টিক্ টিকিয়া ৰঙা ওঁঠদুটিৰে
ৰূপালী ৰঙৰ চুলিটাৰিৰে
হৰিণীনয়নী চকুহালেৰে
তুমি চাই আছিলা যেতিয়াই
তেতিয়াই মোৰ ভাব হ'ল
মোৰ আধালেখা দস্তাবেজৰ শেষপৃষ্ঠা
তোমাৰ সেই ৰঙা নদীখন
হেৰাই গ'ল, হেৰাই গ'ল
বুকুৰ ভিতৰৰ আঠাবোৰ
হেৰাই গ'ল তোমাৰ বাবে
অপেক্ষা কৰি থকা
এখন প্রেমৰ নদী
তোমাৰ দৰেই আকাশত
মোৰো এখন ৰঙা নদী আছে
সিও মামৰে ধৰা তৰোৱাল হৈ ৰ'ল।
তোমাৰ নীলকণ্ঠী ব্রজৰ প্রেমৰ শব্দবোৰ
থুপ খাই আছে মোৰ হৃদয়ত
তেজ আৰু ধূলিৰে ধূসৰিত
পৃষ্ঠাই পৃষ্ঠাই।
থৌকি বাথৌ কৰি আছে
হৃদয় এক নদীত,
দঁতাল হাতীৰ উঁয়ে খোৱা
হাওদাৰ কাহিনীবোৰ আজিও
থূপ খাই আছে মোৰ হৃদয়ত।
মঙহ আৰু যন্ত্ৰণাই
ৰামায়ণী সাহিত্যৰ প্রেমৰ
কাহিনী হৈ
প্ৰতিগৰাকী নাৰীৰ দেহত
আঁকি দিলা প্রেমৰ চুম্বন
প্রেম সাগৰ আৰু গীতৰ
কলকণ্ঠ আৰু কাব্যগ্ৰন্থ
আজি হয় ঐশ্বৰ্য্যগ্রন্থ।
বিদায়ৰ শব্দবোৰে হাঁহাকাৰ কৰে
আজি নাৰী হৃদয়ৰ অংগে অংগে
একত্ৰিত হৈ পি চি জি, চৰকাৰ
তুমি কৰি গ'লা আলোচনাৰ দুৱাৰ
হে জ্ঞানপীঠ বটা বিজয়িনী !!
ৰামায়নী সাহিত্যৰ মহীয়সী মাতৃ
তোমাৰ বিহনে আজি অসহায় আমি
চিন্নমস্তাৰ মানুহটো হেৰাই গ'ল
উজ্জ্বল নক্ষত্ৰ এটা লুকাই গ'ল
আকাশৰ পৰা।
হে জ্ঞানপীঠ বিজয়িনী
ৰামায়নী সাহিত্যৰ মহীয়সী মাতৃ
তোমাৰ বিহনেযে সভাস্থলী উদং
সেয়েহে আজি অসহ্য যন্ত্ৰনা
তোমাক নোপোৱাৰ,
কাতৰে মাতিছো বিদায়ৰ বেলাত
পাওঁ যেন তোমাৰ পদছাঁয়া।
মামনী বাইদেউৰ অন্তিম মূহুৰ্ত্তত হস্পিতেলৰ বিছনাখনত থকা স্মৰণীয় মূহুর্তৰ প্ৰতিচ্ছবি
মোৰ কাব্যগ্ৰন্থত প্ৰকাশ হৈছিল, তাৰে এটি লিখিত
মোৰ মনোভাৱ আপোনালকৰ আগত প্ৰকাশ কৰিলো।
✍️ৰুনু দেবী শৰ্মা
গুৱাহাটী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ