বিৰিখ হৈ জীয়াও আহঁক-চুমিন্দ্ৰ চৌধুৰী

এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্য সকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক'লে ৷
কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্ৰসাদ বনাবলৈ দেশৰ চুকে কোনে থকা পাৰ্গত বাঢ়ৈ সকলক আমন্ত্ৰণ দি আনিলে ৷ বাঢ়ৈ সকল নিৰ্দিষ্ট দিনত উপস্থিত হোৱাৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ নক্সাটো দেখুৱাই বুজাই দিছিল যে প্ৰসাদৰ চিলিংখন মাত্র এটা খুটাৰ ওপৰত ঠিয়হৈ থাকিব লাগিব ৷ বাঢ়ৈ সকলে ৰজাৰ কথামতে প্ৰসাদটো বনাবলৈ এডাল বিশাল আৰু পূৰঠ শাল গছৰ প্ৰয়োজন হ'ব বুলি জনালে ৷ৰজাই বাঢ়ৈৰ কথা শুনি সামন্ত প্ৰহৰীক পূৰঠ আৰু বিশাল শালগছৰ সন্ধান কৰিবলৈ দিলে ৷ বহুতো  বিচাৰ খোচাৰ কৰি অৱশেষত ৰাজপ্ৰসাদৰ কাষৰ বাগিচা খনত থকা আটাইতকৈ পুৰনি আৰু বিশাল শালগছ ডালেই ই নতুন কৈ বনাবলগীয়া প্ৰসাদৰ একমাত্ৰ খুটাটোৰ বাবে উপযুক্ত হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল ৷ ৰজাই শালগছ ডাল কাটি আনিবলৈ বাঢ়ৈ সকলক অনুমতি দি শীঘ্ৰেই ৰাজ প্ৰসাদৰ কাম আৰম্ভ কৰিব দিলে ৷
কাশীৰাজ ব্ৰহ্মদত্তৰ পূৰ্ব পুৰুষতকৈ পুৰণি শাল গছ ডালত বহু বচৰ ধৰি বসবাস কৰি থকা বৃক্ষ দেবতাজনে ৰজাই গছডাল কাটিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে মৰ্মাহত হৈ পৰিছিল ৷ বৃক্ষ দেবতাই সেই ৰাতিয়েই কাশীৰাজ ব্ৰহ্মদত্তক সপোনত দৰ্শন দি গছডাল নাকাটিবলৈ অনুৰোধ কৰিছিল ৷ পাছে ৰজাই ৰাতি দেখা সপোনটোৰ প্ৰতি কোনো গুৰুত্ব নেদেখুৱালে ৷ অৱশেষত কাশীৰাজ নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ উমান পাই সাতামপুৰুষীয়া শাল গছডালৰ আত্মাই নিজে আহি ৰজাৰ সন্মুখত ঠিয় দি ক'লে,  ৰাজন  আপুনি মোক গুৰিতে কাটি বগৰাই নেপেলাব ৷ প্ৰথমে মোৰ আগৰ অংশটো সাৱধানে কাটি পেলাব ৷ তাৰ পাছত ডাল সমূহ ৰেপি ৰেপি কাটি পেলাব ৷ চাব যাতে ডাল সমূহ অসাৱধান ভাবে মাটিত পৰি নাযাই ৷ আৰু শেষত মোক একেটানে মাটিৰ পৰা উঘালি পেলাব ৷
কাশীৰাজ ব্ৰহ্মদত্তই শালগছ ডালৰ  আত্মাৰ কথাখিনি শুনি উৎসুকতাৰে প্ৰশ্ন কৰিলে, হে শাল বৃক্ষ কিহৰ কাৰণে  আপুনি ইমান যন্ত্ৰণাদায়ক মৃত্যু বিচাৰিছে? অলপ খোলাকৈ কওকছোন ৷
শাল বৃক্ষই কাশীৰাজ ব্ৰহ্মদত্তৰ প্ৰশ্নৰ উত্তৰত কলে, ৰাজন মই কেইবাশ বছৰ ধৰি এইখন ঠাইত জীৱন নিৰ্বাহ কৰিলো ৷ মই মোৰ এই দীৰ্ঘ জীৱনটোত আপোনাৰ বহুটো উপৰিপুৰুষৰ জীৱনকাল দেখিলো,  বহুটো তৰু তৃণৰ জন্ম মৃত্যুও দেখিলো ৷ বছৰ বছৰ ধৰি বহুতো চিনাকী অচিনাকী, কীটপতংগ আৰু চৰাই চিৰিকটিয়ে মোৰ ডাল পাতত ঘৰ সংসাৰ পাতি আছে ৷ আপুনি গুৰিতে কাটি মোক বগৰাই পেলালে সেই নিৰ্দোষী নিচলা প্ৰাণীবোৰৰ অকাল মৰণ হ'ব ৷ নতুন কৈ জন্ম পোৱা পোৱালিবোৰ আৰু উমনিত থকা কণীবোৰৰ ভ্ৰূণবোৰে পৃথিৱীখন দেখাৰ আগতেই তাহাঁতৰ আশাৰ পৃথিৱীখন চূড়মাৰ হৈ যাব ৷ মোৰ বিশাল শৰীৰটো ভূমিত পৰি গলে তলত নতুনকৈ গজালি মেলা তৰু তৃণবোৰো ধংস হৈ যাব ৷ সেই গতিকে মোক ৰেপি ৰেপি কাটি আৰু শেষত উভালি পেলালে অন্তঃত কিছু পৰিমাণে চৰাই চিৰিকটিৰ লগতে কীটপতংগৰো প্ৰাণ বাচি যাব ৷ 
শাল গছডালৰ আত্মাৰ কথাখিনি শুনি কাশীৰাজ ব্ৰহ্মদত্তৰ অবস্থা শিল পৰা কপৌটোৰ দৰে হ'ল ৷ ৰজাই নিজে কৰিব ওলোৱা ভূলৰ বাবে অনুতপ্ত হ'ল আৰু ৰাজ প্ৰসাদৰ নিৰ্মাণৰ কাৰণে ভবিষ্যতেও যাতে গছ বিৰিখ কাটিব নোৱাৰিব তাৰ কাৰণে  আইন প্ৰণয়ন কৰি দিলে ৷ ভগৱান বুদ্ধই কাশীৰাজ ব্ৰহ্মদত্তৰ কাহিনীটো কোৱাৰ পাছত  শিষ্যগনকো  প্ৰকৃতিৰ সুৰক্ষা  প্ৰতি নিজকে দায়বদ্ধ হ'বলৈ উদ্বুদ্ধ কৰিছিল ৷
           আমাৰ পূন্যভূমি ভাৰতবৰ্ষ সচাঁকৈয়ে বহুটো উচ্চ মানদণ্ডৰ ৰীতি নীতি, বিশ্বাস আৰু সমাজ ব্যৱস্থাৰে সমৃদ্ধ আছিল ৷ পৰবৰ্তীকালত বিভিন্ন জাতি ধৰ্মলোকৰ অগ্ৰাসনৰ কবলত আমাৰ অতীজৰ বিশ্বাস ব্যৱস্থা আৰু চিন্তাধাৰাৰ অপমৃত্যু হ'ল ৷ পাশ্চাত্যৰ উপনিবেশবাদৰ কবলত আমি  নিজকে নিজে পাহৰি যাবলৈ ধৰিলো ৷ তেওঁলোকৰ সন্মুখত নিজকে হীনমন্য সজাবলৈ ল'লো  । তাৰেই সুযোগ লৈ আজি পাশ্চাত্যৰ বুদ্ধিজীৱী সকলে  আমাৰ পুৰনি ঐতিহাসিক সমাজ ব্যৱস্থা, বিশ্বাস ব্যৱস্থা আৰু ৰীতি নীতিবোৰক  কৌশলগত ভাবে নিজৰ ভাষাৰে ৰচনা কৰি আমাৰ জ্ঞান চকু মেল খুৱাবলৈ তৎপৰ হৈ পৰিছে ৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ দৃষ্টান্ত  পুৰাণ আৰু উপনিষদটো বহু  পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে- 
" ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে।
ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎ্পুৰূষাঃ ইৱ ।।"
 
অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ'দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱাই ৷  একেদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে মঙ্গলৰ কাৰণে  উৎসৰ্গা কৰে ৷ আহক আমিও কাশীৰাজ ব্ৰহ্মদত্তৰ ৰাজ্যৰ উদাৰ মনৰ বিশাল হৃদয়ৰ শাল গছডালৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিজকে দায়বদ্ধ কৰি তোলো আৰু এখন সুন্দৰ পৃথিৱীৰ সূচনা কৰো ৷
 

 
- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send