আহিবা চোন তুমি এদিন
এজাক প্ৰেমৰ ধুমুহা লৈ,
উৰুৱাই নিবা অশান্ত মনক
ধ্বংস কৰিবা দুখৰ জীৱনক
আৰু! আৰু সেই ধুমুহা হৈয়ে
জীয়াই তুলিবা মোক নতুন ভাৱে
তোমাৰ হৃদয় কিম্বা অন্তৰত,
যদিহে তোমাৰ কোনো আপত্তি নাথাকে
অলপ মৰম দিবাহি মোক,
মোৰ আকাশ হৈ চিৰদিন ৰৈ যোৱা হি
নৈ হৈ মোৰ বুকুত বৈ যোৱা হি
তোমাৰ সান্নিধ্যৰে মোক আকাশ চুমিব পৰাকৈ
উৰিব শিকোৱা,
তোমাৰ সান্নিধ্যৰে মোক এই নৈ বুকুত ল'ব পৰাকৈ
অলপ সাহস দিয়া।
🔳চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।