অৰ্থৱহ- লিটন বৰা

©Admin
0
(১)
কাগজে কলমে লেখা বোৰ
অনাখৰী আখৰৰ মহিমা
বাতৰি কাকতৰ শিৰোনামা
দদাইটিয়ে টানি আনিছে
"এক পোৱা মচুৰ দিব"
নামটো আধাতে কটা।

    (২)
দগাটোতকৈও গধুৰচোন
অহংকাৰ নে অভিমান,বাইটি।
কণমানিজনীৰ দৌৰা-দৌৰি
ভমকাফুলীয়া কৰীণা  চেমিছত
কলাফুলত তেজৰ তিঁহাই
পুৰষ্কাৰৰ দ'মটো নুচুবি
লোহাৰ-টিঙৰ মোনা
"কেজি ১২ টকা, বাই। "

    (৩)
ফিকা চাহ কাপ আৰু কুকিজ
ৰং-তুলিকাৰ সংযুতি কেনভাছত
হাত বুলাইছে,চলাইছে
সোণামুৱাৰ উজ্জ্বল ব্ৰহ্মতালু
"ৰোগটো বৰ দুৰ্বল"
আউল নালাগিলে,উকা কাগজ
দহ দিনৰ ভীষ্ম মই!

  ( ৪)
  দিয়াছোন কাজলী
  তোমাৰ উশাহৰ কোমলতা
  আপোনতাৰ গোন্ধই বেলেগ
  তুমি, মই এইবোৰ কি?
  ঘন্টাৰ পিছত ঘন্টাবোৰ, নিশ্চুপ
  আতুৰ চাৱনি সাতসৰী
  "বেলি লহিয়ালে, মালতী"
  সুমথিৰাবোৰ আজি ঈষৎ।

    (৫)
  নদীৰ পাৰৰ বাঁহীৰ চিনাকি সুৰ
  নদীখনেও কান্দে আজি কালি
  পোনাকণৰ ১২ বছৰেই হ'ল
  গাঁৱৰ মাটি চহৰতো ছাগে থাকে
  "ডাঙৰ মানুহ হ'বি বোপাই"
  মনবোৰহে ঠেক হ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)