যন্ত্ৰবৎ- সংগীতা মাইনা ডেকা

"আটোমটোকাৰি"কৈ সজোৱা এটি প্ৰকাণ্ড অট্টালিকা । মন্দিৰলৈ ৰূপান্তৰিত হৈছিল এটা সময়ত ধৰ্ম "চৰ্চা"ৰ জৰিয়তে । ভক্তিময় "পৰিবেশ" আৰু তাত "সংস্কাৰ" লগ হৈ পৃথিৱীৰ বুকুত বৈকুণ্ঠপুৰী ৰূপে উদ্ভাষিত হৈছিল ঘৰখন তথা কণ কণ দুটি সন্তানেৰে বৰুৱা দম্পতি হালৰ জীৱনৰ প্ৰতিচ্ছবিখন । কালক্ৰমত পলবোৰ বাগৰিল । সময় আৰু জীৱনেও এদিন মোট সলালে । ৰমেন বৰুৱাই শুই পৰাৰ লগে লগেই সৰু সৰু ল'ৰালিয়ে যেতিয়া, নিজৰ ভৰিত থিয় হ'ব পৰা হ'ল, তেতিয়া যেন আধুনিকতা আৰু যান্ত্ৰিকতাৰ চাদৰে আহি পোহাৰ মেলিলেহি আত্মকেন্দ্ৰিকতাৰ । আৰু বিশাল বিশাল ৰূমবোৰৰ মাজত এটি অকণমাণি ৰূমত আজি আৱদ্ধ হ'ল মিষ্টাৰ বৰুৱাৰ ৰাণীজনী । যাক বাৰ্দ্ধক্যৰ শৰে আহি পেটটোত বিষৰ আঘাত দি জৰ্জৰিত কৰি আছে । কিন্তু ডিজিটেল যুগৰ কাণ্ডাৰীসকলৰ কাণসাৰ নাই । মত্ত নিজ নিজ জীৱনবোৰ সোমাই থকা সেই সৰু সৰু যন্ত্ৰবোৰৰ মাজত তথা ফেশ্বনৰ বাবে যেন শৰণাপন্ন হোৱা আধুনিক কিতাপবোৰৰ মাজত.... !!


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send