২৬ নৱেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  1. শিল্পী ৰুদ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে।
  2. ১৯২১ চনৰ আজিৰ দিনটোতেই ভাৰ্গিজ কুৰিয়েনৰ জন্ম হয়। এখেত এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়।
  3. ১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰাজনীতিক ৰাজেন গোঁহাইৰ জন্ম হয়। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোঁহাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
  4. সন্দেহযুক্ত উগ্ৰপন্থীৰ দ্বাৰা ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ বিভিন্ন ঠাইত পাইপলাইন বিস্ফোৰণ, কেইবা লাখ টকাৰ ক্ষতি হয়।
  5. প্ৰখ্যাত শিক্ষাবিদ তথা জাতীয় অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ জন্ম হয় ১৮৯০ চনৰ আজিৰ দিনটোতে।
  6. আজিৰ দিনটোতে ১৯৪৯ চনত ভাৰতৰ সংবিধান চূড়ান্ত ৰূপ পায়। ১৯৪৭ চনৰ ২৯ আগষ্টত ড॰ বি আৰ আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হৈছিল আৰু ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধানখন চূড়ান্ত ৰূপ দিয়া হয়।
  7. কানপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম এছ. টি. ডি. সেৱা মুকলি ১৯৬০ চনৰ আজিৰ দিনটোতে।
  8. ভাৰতৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদৰ ভোটবিৰোধী মঞ্চ গঠন হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
  9. আজি আইন দিৱস।
  10. আজিৰ দিনটোতে ১৯৪১ চনত লেবাননৰ স্বাধীনতা ঘোষণা কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)