লালসাৰ জিভা কিমান দীঘল- হেমেন হাজৰিকা

©Admin
0
লোভ ৰিপু মানুহৰ সহজাত। লোভ লালসাই মানুহক কিমান তললৈ নিব পাৰে । মানুহ পশুলৈ ৰূপান্তৰ হব পাৰে । জোৰ জবৰদস্তি , চল চাতুৰি , কাটি মাৰি হ'লেও আমাক কেৱল লাগে । লাগিলে তেওঁ আত্মীয় স্বজন, মিতিৰ কুটুম আনকি সহোদৰ ভাতৃ, ভগ্নী যিয়েই নহক । নিজৰ লালসা হেতু আমি যিহকে পাওঁ তাকে কৰিব পাৰোঁ । কিয় লাগে আমাক ইমান ? ধৰ্ম শাস্ত্ৰ ই কয় আমাৰ প্ৰয়োজনতকৈ অধিক খিনি বোলে হাৰাম তেন্তে ? যদি এজন মানুহ এশ ( ১০০) বছৰ জীয়াই থাকে তেতিয়া হ'লে তেওঁ ৩৬৫×১০০=৩৬৫০ ( তিনি হাজাৰ ছশ পঞ্চাছ )দিন উপভোগ কৰিবলৈ পায় । তাৰে ১৮২৫ ( এক হাজাৰ আঠ শ পশ্চিশ )টা ৰাতি তেওঁ শুই কটায় । মাত্ৰ ১৮২৫টা দিনৰ সময় কটাবৰ বাবে আমাক কিমান লাগে বাৰু ? তাৰে আকৌ শৈশৱ,বাল্য, আৰু কৈশোৰৰ সময়ছোৱা আনৰ অধীনতে। তেন্তে বাকী থাকিল কেইটা দিন ? ইমান কম সময় উদযাপন কৰিব বাবে আমাৰ ইমান হাঁহাকাৰ । আনৰ কষ্টোপাৰ্জিত ধন, টকা, খাদ্য, টোপনি কাঢ়ি আনি নিজৰ ৰাজহাড় টনকিয়াল কৰিব বিচাৰোঁ । কিমান সমীচিন বাৰু এয়া । যদি আমি এই কথাবোৰ জানো তেন্তে ইমান হাঁহাকাৰ কিয় ? 
     জীৱন সোণোৱালী ধুনীয়া ঘৰ বাৰি , চিৰদিন নাথাকে ৰৈ এদিন নহয় এদিন মৰিব লাগিব মাটিটে মিহলি হৈ । 
এই চিৰন্তন কথা জানিও বুজিও হৃদয়ঙ্গম কৰিও আমাৰ বোধোদয় নহয় কিয় ? কিয় আমি আনক শাৰীৰিক, মানসিক ভাবে দুখ দি ভাল পাওঁ ? অশিক্ষিত, অৰ্ধশিক্ষিত লোকে সেইটো কৰিলে অলপ সহ্য কৰিব পাৰি , কিন্তু যেতিয়া সমাজৰ উচ্চস্তৰীয় ব্যক্তি বিশেষে তেনে কামত ব্ৰতী হয় তেতিয়া হাঁহি  নুঠিবনে বাৰু ? কি বুলি আখ্যা দিব তেওঁলোকক ?যাক কিছু লোকে সমীহ কৰি চলে । লাগে ৰ পিছত অবিৰাম দৌৰি দৌৰি আমি কলৈ দৌৰি আছোঁ তাৰেই উৱাদিহ নোপোৱা হৈছোঁ । লেখা টো লিখিবলৈ লৈছোঁ লোভৰ লালসাত বন্দী হৈ দুজন সহোদৰ ভাতৃৰ মাজত হোৱা এটা ঘটনাৰ কথা । ঘটনাৰ নায়ক দুজনৰ এজন পেচাত চিকিৎসক আনজন বেলেগকৈ জ্ঞান দিব পৰা সকলোৰে সন্মানৰ পাত্ৰ শিক্ষক । তাৰে এজনক মই ভালকৈ জানো । তেওঁলোকৰ আদি সময়ছোৱা ঠিকে ঠাকে আগবাঢ়ি জীৱন নাটকৰ দৃশ্যসমূহ ভালদৰে মঞ্চায়িত হৈ গৈ আছিল ।
    দেউতাকৰ দেহাৱসানৰ পিছত নাটকৰ কিছু জিৰণি হ'ল । পুনৰ প্ৰেক্ষাগৃহৰ লাইট সমূহ জলি উঠাৰ পিছত নাটকে অন্ত মূৰ ললে । দুয়ো গৰাকী চাকৰি সূত্ৰে মূল ঘৰৰ পৰা বেলেগে বেলেগে বহু নিলগত অৱস্থান কৰিলে । দুয়োজনৰ মাজত সমস্যাৰ কেন্দ্ৰবিন্দু হিচাপে ঠিয় দিলে তেওঁলোকৰ জন্মদ্ৰাত্ৰী মাতৃ । বয়সে কোৱা কৰা আৰু জীৱনৰ আদি ছোৱাত কষ্টক কষ্ট নুবুলি সিহঁতক নাখায় খুৱাই আটোলটোলকৈ ডাঙৰ দীঘল কৰি ভাঙি পৰা দেহাটো আওজাই থবলৈ লাও, কোমোৰা, জিকা, ভোলৰ আগটোৰ দৰেই লেহুকা হৈ পৰিল । অৱলম্বন হিচাপে থকা জীৱন সংগী জন তেওঁক নিঠৰুৱা কৰি জীৱন নাটৰ সামৰণি মাৰি মঞ্চৰ পৰা আঁতৰি গ'ল ।
  ‌কেৱল অন্ধকাৰ প্ৰেক্ষাগৃহৰ মঞ্চত ষ্পটলাইটৰ ক্ষীণ পোহৰত তেওঁ থৰক বৰককৈ থিয় হৈ থাকিল । আন্তৰিকতা নাথাকিলেও লোক চক্ষুৰ আৰত শিৰ নত হোৱাৰ আশংকাত দুই সহোদৰে পাল পাতি পাতি মাহৰ এটা পষেক এঠাইত আৰু আনটো পষেক এঠাইত ৰখাৰ চুক্তিত তেওঁক গৃহভূমিৰ পৰা লৈ অহা হ'ল । ৰুগীয়া দেহাটো ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই লৈ ফুৰি তেওঁ মানসিক ভাবেও ভাগৰুৱা হৈ পৰিল । এনেদৰে অহা যোৱা কৰি ঘুৰি ফুৰোঁতে তেখেতৰ স্বামীয়ে বিয়াৰ দিনা মৰমতে উপহাৰ দিয়া অন্তিম স্বাক্ষৰ সোণৰ চেইন দাল তেওঁৰ ডিঙিৰ পৰা অন্তৰ্ধান হৈ পৰিল । তেওঁ ক'ব নোৱাৰে, জলক তপক চকু ৰুগীয়া শৰীৰ মনে তাৰ উত্তৰ পুত্ৰদ্বয়ক দিব নোৱাৰিলে । দুয়োৰো মনত সন্দেহৰ কীটে বাহ লব ধৰিলে । কোনে ৰাখিলে সোণৰ চেইন দাল ? কাৰ হাতৰ পৰশত চেইন দাল নোহোৱা হ'ল ? কাৰো কথা কোনেও নুশুনা হ'ল । অতি আচৰিত কথা যে গোমৰ ফাক হোৱাৰ ভয়তে হওঁক অথবা আন কাৰণতেই হওঁক চিকিৎসক পুত্ৰই এতিয়া সহোদৰ কিম্বা আন আত্মীয়ক অকলে লগ ধৰিবলৈ নিদিয়া হ'ল । এয়া কিহৰ ভয় । নিজৰ চৰিত্ৰৰ মুখা খোল খোৱাৰ ভয় নে আন কিবা ? নে বুদ্ধি কৰি এদাল চেইন আনৰ পৰা সৰকোৱাৰ সন্ধি । সৰু পুত্ৰ ও সুদাই এৰা ভকত নহয় । লাগি থাকিল খকা খুন্দা । দুয়ো দুয়োৰে পত্নীক সন্দেহৰ চকুৰে চোৱা হ'ল। 
    কোনোৱে যদি একো কৰা নাই তেন্তে মাকৰ ডিঙিৰ সোণৰ চেইন দাল ক'লৈ গ'ল ? সেই ৰুগীয়া বুঢ়া মাকজনীয়ে এতিয়া বিছনাত পৰি পৰি চকুলো টুকি চকুৰে বাট নেদেখা হৈছে । ঘটনাই এতিয়া এনে পৰ্যায় পাইছেগৈ যে এটা নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত যদি শিক্ষক পুত্ৰ ই চেইন দাল নিদিয়ে তেতিয়া চিকিৎসক পুত্ৰ ই তেওঁৰ ওপৰত মিছা কেছ জাপি দিয়াৰ ভাবুকি প্ৰদান কৰিছে । এই কথা জানিব পাৰি শিক্ষক পুত্ৰ ও ৰৈ থকা নাই । সচায়ে মিছায়ে এনে কিছুমান জঘন্য তথ্য গোটাইছে যিবোৰ মই মুকলি কৰি দিবলৈ সাহস গোটাব পৰা নাই । ইমানেই জঘন্য, ইমানেই সস্তীয়া লেতেৰা কথা , পাপৰ কথা । এয়া কিহৰ বাবে লোভ লালসাৰ বাবে নহয়নে ? ক'ত হেৰাল সোণৰ চেইন দাল ? ক'ৰবাত পৰিল নে কোনোবাই লুকুৱাই থলে । ইয়াৰ বাবে যদি দুই ভাতৃৰ মাজত কথাই গৈ আইনৰ ঘৰ পাইগৈ তেতিয়া ঘটনাই কেনে ৰূপ লয় তেতিয়ালৈ আমি সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব । আমি কামনা কৰিছোঁ তাতে সেই কাম নহয় ওক , দুই সহোদৰে বুজাবুজি কৰক । মাকে এই বয়সত অলপ শান্তি পাওক । 

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)