অসমীয়া দৈনিক সাধাৰণ জ্ঞান

©Admin
0
🔰পৰিচালনা অভিধাটো প্ৰথম ক'ত ব্যৱহাৰ হৈছিল?
➖১৯৮৯ চনত আফ্ৰিকাৰ চাহাৰা অঞ্চলৰ ওপৰত দাঙি ধৰা বিশ্ব বেংকৰ এখন প্ৰতিবেদনত।
🔰ইংৰাজী Governance শব্দটো ক'ৰপৰা আহিছে?
➖গ্ৰীক ভাষাৰ Kubernaein শব্দৰ পৰা।
🔰ইউৰোপৰ মধ্যযুগৰ বিস্তৃতি কিমান?
➖৪৭৬ খ্ৰীঃত ৰোমৰ পতনৰ পৰা ১৪৫৩ খ্ৰীঃত কনষ্টাণ্টিনোপলৰ পতনলৈকে।
🔰ভাৰতৰ মধ্যযুগৰ বিস্তৃতি কিমান?
➖অষ্টম শতিকাৰ পৰা অষ্টাদশ শতিকা।
🔰"Vedic Age" কিতাপখন কোনে লিখিছে?
➖ৰমেশ চন্দ্ৰ মজুমদাৰ।
🔰"The Making of Early Mediaval India" কিতাপখন কোনে লিখিছে?
➖বি.ডি. চট্টোপাধ্যায়।
🔰"ত্ৰিষষ্ঠিসকল পুৰুষচৰিত্ৰ" জৈন চৰিতপুথি কোনে লিখিছিল?
➖হেমচন্দ্ৰ।
🔰হিউৱেন চাঙে তেওঁৰ ভাৰত ভ্ৰমণ বৃত্তান্ত কোনখন গ্ৰন্থত লিখিছিল?
➖চিউ-ইউ-কি।
🔰ভাৰতৰ প্ৰতিহাৰ সাম্ৰাজ্যক আলমাসুদিয়ে কি বুলি নামাকৰণ কৰিছিল?
➖আল-জুজৰ।
🔰পালবংশৰ শ্ৰেষ্ঠ ৰজা কোন?
➖ধৰ্মপাল।

📝সংগ্ৰাহক-কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)