অসমীয়াৰ যোগ্য নায়ক- পল্লৱ কুমাৰ

©Admin
0
তেওঁৰ সৰুৰে পৰা সপোন আছিল দেশ চলাবলৈ
     অসম খনক দেশৰ ভিতৰতে জাকত জিলিকাবলৈ।
    তেওঁৰ আশা আছিল অসমীয়াক আগুৱাই নিবলৈ
      অ- মানেই অসমীয়াৰ চিনাকি দিবলৈ।
     বহুতেই আহিল বহুতেই গ'ল ৰাজ সিংহাসনলৈ
      কিন্তু নোৱাৰিলে তেওঁৰ নায়ক হবলৈ ।
      আইন ব্যৱস্থা সলনি হ'ল দালাল ৰাজ আতৰি গ'ল
       ভাং,কানি,ড্ৰাগছৰ নাম শুনিলেই পলোৱা হ'ল।
       অসম আমাৰ ৰূপহী আছিল ভূপেন খুড়াৰ আদৰ্শত,
      সেই ৰূপহীৰ ধ্বংস হৈছিল মাফিয়া গিৰিৰ ৰাজত্বত।
      কিন্তু এতিয়া সকলো সলনি হ'ব ...
         কাৰণ ৰাজ আসনত আছে কোন ?
        অসম আকৌ ৰূপহী হ'ব কাৰণ 
        অসমীয়াৰ তেওঁ বহুত আপোন।
      মুখেৰে নহয়  কামেৰে দেখুৱাই শাসন কেনেকুৱা হ'ব লাগে  
     নিজৰ দায়িত্বৰ গুৰুত্ব ৰাখি সমাজৰ কথাও ভাবিব লাগে।
         অসম গৌৰৱ গড়ৰ অবিহনে খৰ্গৰ কোনো মূল্য নাই,
     গৌৰৱান্বিত হ'ব নোৱাৰিলে অসমীয়া হোৱাৰ মূল্য নাই।
      সেই উদাহৰণ তেওঁৱেই দেখুৱালে, 
অসম গৌৰৱ ৰক্ষা কৰি,
       সকলো যদি চিন্তা নকৰে কেনেকৈ ৰাখিব
অসম গৌৰৱ আবুৰ কৰি।
        অসমৰ বাবে যোগ্য নায়ক তেওঁ 
             অসমীয়া হোৱাৰ সদায় গৌৰৱ কৰিম,
       তেওঁৱেই সদায় আমাৰ শিৰত থাকক
              তাকেই আমিও সদায় কামনা কৰিম।।

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)