আশাবোৰ সিঁচিবলে
সোণোৱালী সপোনৰ লুণীয়া টোপালবোৰত
প্ৰাণ পাই উঠিছিল আশাবোৰ।
কাতিমহীয়া চোতালত এটা সপোন সৰিছিল
আশাবোৰ মেটমাৰি থাকিব পৰাকৈ
মেটমাৰি থাকিব পৰাকৈ
আকাশ বন্তি জ্বলিছিল
তৰাবোৰে তিৰবিৰাইছিল
মেঘবোৰ মতলীয়া হৈছিল
সেউজীয়াবোৰ সোণোৱালী হৈছিল
আশাবোৰ সৰিছিল
এবুকু সপোন হৈ।