কবিতাৰ ভাষা বোৰ ও হয় যাযাবৰী-ৰাজীৱ মহন্ত

©Admin
0
কবিতাৰ ভাষা বোৰ ও 
হয় যাযাবৰী,
যেতিয়া লিখিব বহো
উৰি যায় পাখি মেলি।

সাহিত্যৰ সাগৰ খনো
বৰ গভীৰ,
তাৰেই মাজত মই মাথোঁ
ক্ষুদ্ৰ নাবিক ।।

জীৱনৰ উপন্যাস খন ও
এৰাসুতি হ'ল,
ঠিকনা এৰি জীৱনটো
লক্ষ্য বিহীন কাহিনী হ'ল।।

শব্দৰে সুৰ সজাত
ছন্দ বোৰ অমিল হ'ল,
জীৱনৰ নাটক খনত
ছাঁ টোয়েই খলনায়ক হ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)