খগেন নাথ, দ্বিজেন মাহাতো, ৰমেশ শৰ্মা, জ্যোতি শইকীয়া আৰু মই ইনাৰ লাইন পাছ নোলোৱাকৈ অৰুণাচলৰ টিপিৰ পৰা পিকনিক খাই ফিটিং হৈ শইকীয়াৰ ইয়ন গাড়ীৰে ঘূৰি আহি আছিলো। জ্যোতি শইকীয়াই ড্ৰাইভিং কৰিছে, খগেন নাথ পিছৰ চিটত বহি মুখ মেলি শুই আছে, মাহাতোৱে আগৰ চিটত বহি পিকনিকৰ ফটো হোৱাটচ্ আপ আৰু ফেচবুকত আপলোড কৰি আছিল। ৰমেশ শৰ্মা আৰু মই ম'বাইলৰ কেলকুলেটৰত পিকনিকৰ খৰছ ভাগে প্ৰতি কিমানকৈ পৰিছে হিচাপ কৰি আছিলো ।
বাটত পুলিচে চেকিং কৰি আছিল, আমাক ৰ'বলৈ সংকেট দিলে। শইকীয়াই ব্ৰেক লগালে।
ড্ৰাইভাৰৰ খিৰিকীৰে জুমি চাই পুলিচ বিষয়া জনে ক'লে : "আজি পথ সুৰক্ষা দিৱস। আপোনালোক দুয়োজনে চিটবেল্ট লগাই অহাৰ বাবে ধন্যবাদ। এইটো লওক অসম পুলিচে দায়িত্ব শীল নাগৰিক আৰু আইন মতে সুৰক্ষিত ড্ৰাইভিং কৰোঁতালৈ অসম চৰকাৰৰ ফালৰ পৰা দিয়া "প্ৰীতি উপহাৰ" এইবুলি শইকীয়াক এখন গামোচা পিন্ধাই দি বঁটা এখনত নগদ এহেজাৰ টকা দি নমস্কাৰ জনালে। লগে লগে টিভি চেনেলৰ সাংবাদিক এজনে মাইকটো শইকীয়ালৈ আগবঢ়াই দি অন্য প্ৰশ্নৰ লগতে সুধিলে-" এই এহেজাৰ টকাৰে আপুনি কি কৰিব?" ৰমেশ শৰ্মাই কেমেৰা দেখি টপৰাই ক'লে " ডি টি অ' অফিচত ঘোঁচ দি লাইচেন্স বনাই ল'ব চাৰ ,ই ড্ৰাইভিং ভাল কৰে যদিও লাইচেন্স নাই নহয়।" দ্বিজেন মাহাতোৱে জিভা পাকখোৱা মাতেৰে ক'লে - " চাৰ ,ই ব বহুত মাল খাইছে, অ অৰুণাচলী মালৰ নিচাত যা তা কৈছে , বি বিচ্ছাছ (বিশ্বাস) নকৰিব চাৰ "। মুখমেলি শুই থকা
খগেন নাথে টোপনিৰ পৰা খক মককৈ উঠি পুলিচ দেখি কলে-" কম দামত পালে বুলিয়ে অৰুণাচলী মালৰ কাৰ্টুন উঠাব নেলাগে বুলি মই কৈছিলোৱেই নহয়।খা এতিয়া পুলিচৰ মাৰ । মালো গ'ল পইচাও গ'ল"। মনে মনে মই ইহঁতৰ কাৰবাৰ বোৰ চাই আছিলো। খাবলৈ নোপোৱা কুকুৰে মাংস ভাত পাই খক খকাই খোৱাদি অৰুণাচলী মাল পাই ডিঙিৰ গুৰিলৈক গিলি মোৰ বাদে অল আউত। খগেন নাথক ধমক দি ক'লো : " ইনাৰ লাইন পাচ নোলোৱাকৈ গেট পাৰহৈ টিপিত পিকনিক খাই অহা কথাটো কৈ বিপদ নেমাতিব কিন্তু , কৈ দিলোঁ !"
কাৰণ মোৰ নিচা হৈছিল যদিও কণ্ট্ৰলত আছিলো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ