সোঁৱৰণি-মানস প্ৰতিম সন্দিকৈ

Rinku Rajowar
0
সেই চিনাকি সুবাসে বাৰে বাৰে 
ভেটিছে বাট 
কিজানিবা জিৰণিয়েই পাওঁ সেই 
আচলৰ ছাঁত ।
সেই সোঁৱৰণি জানোঁ সঁচা নহয়
যি ক্লান্ত আবেলিৰ ধেমেলীৰ আচলেই 
পৰিমল কিৰীলি ।
জীৱনে জানো জানে মধুৰ সেই হাঁহি 
কি ? 
হয়তোঁ জীৱনে নাজানে ,
মাথোঁ জীৱনে দোলাদি লৈ যায় 
এৰি অহা সেই সোঁৱৰণিৰ নিভাঁজ 
পাতলৈ ।
সেই আবেলিৰ আকাশ আৰু
সোণোৱালী সোণগুটি
দেখিলেই ভাঁহি আহে চিনাকি সেই গোন্ধটি ,
ক'ত যে হেৰাই গ'ল
নিভাঁজ আবেলিৰ সেই আঁচলৰ লৰালি ,
বিচাৰিলে জানোঁ পাম সেই বাট ভেটা 
সুবাসৰ সোঁৱৰণিৰ কিৰীলি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)