শত জনক দেখাই,
কিছুৰ মুখৰ হাঁহি,
আবেগৰ চকুপানী
নিষ্ঠুৰ নিয়তিৰ
স্বপ্নাৱলী বাণী।
ৰক্তাক্ত কণাৰ
এটি মাথোঁ ফিৰিঙতি
নাযায় উৰি,
নৰয় পৰি,
বেদনাৰ সাগৰ সিঁচি
নৰয় থমকি।
জীৱনৰ আদি পাঠত
অন্তিমৰ ভেঙুচালি,
ক্লান্ত সময়ৰ
নিবিৰ প্ৰেমৰ নদী,
শত্ৰু মাথোঁ নিয়তি।
নীৰৱৰ মায়া লাগি
কামনাৰ পৰশ সানি,
জোনাকীৰ মুখৰ আঁৰত
তুমি এক স্বপ্নাৱলী।
তুমি মায়াৰ জলন্ত চাকি।
মৃত্যুৰ ক্ষণ গণি
নালাগে আমনি,
এদিন শেষ হয়
মায়া মোহৰ কাহিনী।
ৰৈ যায় মাথোঁ
অস্তিত্বৰ স্মৃতিৰে সোঁৱৰা
এক অমৰ মৰা সুঁতি।
থৈ যায় শুক্লৰ মাজত
ক'লা ৰঙৰ চিনাকি।
লৈ যায় লগত
আবেগৰ চকুপানী,
সমাজে দিয়া
অশ্লীল বাক্যৰ টোপোলাটি।।