জীৱনৰ অন্য নাম সংগ্ৰাম (খণ্ড নং-২৬)- পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
পশ্চিম আকাশৰ ৰাঙলী বেলিয়ে বিদায় মাগিবৰ হ'ল ।দলনিত চৰি থকা ম'হখিনিয়ে  পাছলৈ মূৰ কৰি দৌৰিবলৈ ধৰিলে । ৰামভাই আচৰিত হ'ল । কাৰোবাক আক্ৰমণ কৰিবলৈ যেন সিহঁতে চোঁচা লৈছে । তগৰৰ শহুৰেকে ৰামভাইক ক'লে , "চাই থাক সিহঁতৰ কাণ্ড , ক'ৰবাত পোৱালি এৰি আহিল । ইমান শিঙাল আৰু শক্তিশালী হ'লেও সিহঁতৰ অন্তৰত এবুকু মৰম আৰু একতা আছে ।সেই বাবেই এই জন্তুবোৰৰ মাজত থাকি মই ভাল পাওঁ ।ক্ষন্তেকলৈ বুকুৰ বেদনাবোৰ পাহৰি যাওঁ । ইহঁতৰ এই পৃথিৱীত কোনো আক্ষেপ নাই । নাই কোনো অতৃপ্তি ।" ম'হজাক ঘূৰি আহিল । পাছে পাছে এটা সৰু পোৱালি লেঙেৰাই লেঙেৰাই আহি আছে । মাকজনীয়ে তাক যেন সাহস দি আহিছে । পাৰিছ ব'ল ,আন্ধাৰ হোৱাৰ আগতে আমি আমাৰ গোহালি পাব লাগিব । ৰামভাইৰ তগৰলৈ মনত পৰিল । ক'ত বা আছে । যদি বিপদত পৰিছে । এজনী নিমাখিত ছোৱালী ,তাইও এই ম'হজাকৰ দৰেই কাৰো প্ৰতি আক্ষেপ নাই । মাত্ৰ অকণমান মৰমৰ বাবে হাহাকাৰ কৰা এখন হৃদয় আছিল । অৱহেলাই ক'লৈ লৈ গ'ল । হৰে কৃষ্ণ প্ৰভু ! মই যদিহে কেতিয়াবা কিবা পুণ্য কাম কৰিছোঁ , সেই পুণ্যৰ ভাগ বোৱাৰীক দিবা আৰু সকলো বিপদৰ পৰা ৰক্ষা কৰিবা । হৰে কৃষ্ণ ! তগৰলৈ মনত পৰি ৰামভাইৰ চকু সেমেকি গ'ল । ৰামভাই শিল পৰা কপৌ দৰে একে ঠাইতে থৰ লাগিল । ম'হজাকে বাট ল'লে । তগৰৰ কথা মনত পৰি থৰ লগা ৰামভাইয়ে দেখিলে , লানি পাতি ম'হজাকে গোহালিলৈ বাট লৈছে ।

গা-ভাৰী তগৰে যিমান পাৰে খৰকৈ খোজ দি ৰুমলৈ আহিল । তাই ওৰণিৰ তলেৰে আঁৰ চকুৰে পাছলৈ ঘূৰি চালে , দেখিলে পুলিচজন তাইৰ পাছে পাছে আহি আছে । ৰুমটোত সোমাই তগৰে দৰ্জা খন মাৰি দিলে ।ধপ্ ধপ্ মাৰি থকা বুকুখন হেঁচা মাৰি তাই বহু সময় দৰ্জাখনত আঁউজি থাকিল । 'ৰণ'ৰ বাহিৰে কোনো পুৰুষে তাইলৈ চোৱা তাইৰ সহ্য নহয় । 'ৰণ'ৰ বাবে তাই অন্তৰত এখন আছুতীয়া আসন আছে । 'ৰণ'ৰ মাজত তাই বিচাৰি পায় প্ৰেমিক আৰু অভিভাৱকৰ স্নেহ । পুলিচজনে তাইলৈ চোৱা চাৱনি আৰু তাইক অনুকৰণ কৰা কথাটো তাই সহ্য কৰিব পৰা নাই । খঙত তাই ৰঙা পৰিল । কথাটো কাৰোবাক ক'ব পৰা হ'লে ! পুলিচজনে তাইক কিবা অনিষ্ট কৰিব বিচাৰিছে নেকি ? কিন্তু কাক ক'ব ? বুকু ঠেলি এটা হুমুনিয়াহ ওলাই আহিল তাইৰ । অহেতুক কিছুমান দুঃচিন্তাত তাইৰ বহু ৰাতিলৈ টোপনি নাহিল । পুৱা মন্দিৰৰ মংগল আৰতিৰ সুৰত তাইৰ টোপনি ভাগিল ।খৰধৰকৈ বিছনাৰ পৰা উঠি নিত্য কৰ্মখিনি কৰি তাই মন্দিৰলৈ খোজ দিলে ।

ইতিমধ্যে পুৱাৰ মংগল আৰতি শেষ হৈছে । সকলো ভক্তই ভাগৱত শুনিবলৈ আগ্ৰহী হৈ নিজৰ নিজৰ আসনত বহি পৰিল । তগৰেও হাতযোৰ কৰি হৰে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি সকলোকে প্ৰণাম কৰি ভাগৱত শুনিবলৈ নিজৰ আসনত বহিল । প্ৰধান প্ৰভুক সকলোৱে মূৰ দোৱাই সেৱা কৰিলে । প্ৰভুৱেও হাত দাঙি সকলোকে আশীৰ্বাদ দি অমৃত বৰষা মধুৰ সুৰে ভাগৱতৰ শ্লোক এফাঁকি গাই মানুহৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে ক'বলৈ ধৰিলে ।
"প্ৰতিজন মৃত্যু মুখী মানুহৰ কৰ্তব্য হৈছে সৰ্ব ঐশ্বৰ্য্য মণ্ডিত তথা সৰ্বাকৰ্ষক পৰমেশ্বৰ ভগৱানৰ বিষয়ে অনুসন্ধান কৰা , তেওঁৰ বিষয়ে শ্ৰৱণ কৰা , কীৰ্ত্তন কৰা আৰু তেওঁক ধ্যান কৰা । তেওঁক বোলা হয় হৰি । কাৰণ তেৱেঁহে জীৱক বদ্ধ অৱস্থাৰ পৰা মুক্ত কৰিব পাৰে । আমি যদি আমাৰ বদ্ধ অৱস্থাৰ পৰা পাৰ পাব বিচাৰো , তেতিয়া হ'লে সেই পৰম তত্ত্বৰ বিষয়ে অনুসন্ধান কৰিব লাগিব ।যাতে তেওঁ আমাৰ প্ৰতি প্ৰসন্ন হয় আৰু আমাক যথাৰ্থ মুক্তি প্ৰদান কৰে ।

পৰমেশ্বৰ ভগৱান পৰমাত্মাৰূপে গাইগুটীয়া আত্মাটোৰ সৈতে বিৰাজমান । কোনেও তেওঁৰ পৰা পৃথক হ'ব নোৱাৰে । সেইবাবে প্ৰত্যক জীৱৰে সৈতে তেওঁৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে ।তেওঁৰ সৈতে থকা জীৱৰ এই নিত্য অন্তৰংগ সমন্ধৰ কথা পাহৰি থকাৰ বাবেই জীৱই অনাদি কাল ধৰি বদ্ধ জীৱনৰ  বান্ধোনত থাকিব লগা হয় ।কিন্তু তেওঁ যিহেতু পৰমেশ্বৰ ভগৱান সেয়েহে তেওঁৰ ভক্তৰ ঐকান্তিক প্ৰাৰ্থনাত তেওঁ তৎক্ষণাত সঁহাৰি জনায় ।তদুপৰি তেওঁ যিহেতু পৰমপুৰুষ , সেইবাবে তেওঁৰ ৰূপ ,ঐশ্বৰ্য্য ,যশ ,শক্তি ,জ্ঞান আৰু বৈৰাগ্য এই সকলোবোৰেই জীৱৰ বাবে অন্তহীন আনন্দৰ পৰম উৎস । পৰমপুৰুষৰ সৌন্দৰ্য ,জ্ঞান , বৈৰাগ্য , আদিৰ মাত্ৰা সদায়েই অতুলনীয় । কিন্তু সকলোতকৈ মুখ্য বিষয়টো হৈছে যে তেওঁ ঈশ্বৰ বা পৰম নিয়ন্তা । যিহেতু ভগৱান হৈছে হৰি , সেইবাবে তেওঁ আমাৰ বদ্ধ জীৱনৰ দুখ মোচন কৰি আমাক চিন্ময় জগতৰ পূৰ্ণ স্বাধীনতা প্ৰদান কৰিব পাৰে।সেয়েহে তেওঁৰ বিষয়ে যথাৰ্থভাৱে অনুসন্ধান কৰাটো আমাৰ সকলোৱে কৰ্তব্য আৰু তেনে কৰিহে ভগৱানৰ ধামলৈ গতি কৰিব পাৰি ।"
প্ৰধান প্ৰভু মৌন হৈ ৰ'ল ।সকলো ভক্তই প্ৰধান প্ৰভুক সেৱা জনাই আসনৰ পৰা উঠিল । একেবাৰে শেষত তগৰে প্ৰভুক সেৱা জনাই আসনৰ পৰা উঠি লাহে লাহে মন্দিৰৰ বাহিৰলৈ ওলাই আহিল । বহু সময় বহি উঠি আহিলত তগৰৰ মূৰটো ঘূৰোৱা যেন লাগিল । তাই মন্দিৰৰ একাষে গৈ বহি থাকিল । পানী...কাৰোবাৰ মাতত তাই চক্‌ খাই উঠিল ।পানী অকণমান মূৰত দি দিয়ক ভাল লাগিব । অকণমান পানী খাই লওক ।তগৰে মূৰ তুলি চালে আগদিনা তাইক অনুসৰণ কৰা পুলিচজন । পানী বটলটো হাতেৰে নলৈ তাই খপজপকৈ উঠিব আকৌ বহি পৰিল ।

               আগলৈ,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)