মোক এবাৰ হাঁহিবলৈ দিয়া- পল্লৱ কুমাৰ

©Admin
0
তোমাৰ অনুভৱত মোক এটি শব্দ হ'বলৈ দিয়া
     তোমাৰ সুখত মৰা
            সেই হাঁহিটোৰ মোক মাথোঁ দৰ্শক হ'বলৈ দিয়া 
  নালাগে মোলৈ চাই তুমি সুখী হ'ব
     মোক মাথোঁ তোমালৈ চাই সুখী হ'বলৈ দিয়া ।
  তুমি মোৰ কথা নাভাবিলেও হ'ব
  মোক তোমাৰ কথাকে মাথোঁ ভাবি থাকিবলৈ দিয়া ,
        কাষলৈ কেতিয়াও নামাটো তোমাক
      আঁতৰৰ পৰাই তোমাক চাই ৰ'বলৈ দিয়া।
ফেচবুকত নালাগে 
         মোক তোমাৰ বন্ধু কৰি ৰাখিব,
 চাৰ্ছ কৰিয়ে তোমাক চাই থাকিবলৈ দিয়া ।
   মোৰ ফটোত তুমি ৰিয়েক্ট নিদিলেও হ'ব
    তোমাৰ ফটো বোৰকে মোক চাই থাকিবলৈ দিয়া
  ফেচবুক , হোৱাটছএপ আহিলাহে মাথোঁ ,
    হৃদয়ৰ মেমৰীত তোমাক সাঁচি থ'বলৈ দিয়া ।
  বুকুখনত মোৰ বিষণ্ণতাৰ আৱৰণ
        তাৰ মাজতে তোমাক ৰাখি থ'বলৈ দিয়া
   চকুৰে নিগৰা কলিজাৰ টোপাল বোৰক
   তোমাৰ হাঁহিতেই শুকাবলৈ দিয়া ।
  মোৰ বাবে তুমি কেতিয়াও নালাগে কান্দিব
    মোক তোমাৰ বাবে চিৰদিন কান্দিবলৈ দিয়া ,
   তুমি তোমাৰ সুখতে সদায় সুখী হৈ থাকিবা
     মোক তোমাৰ অনুভৱ বোৰৰ সৈতেই মৰিবলৈ দিয়া ।
    তোমাৰ অবিহনে না মৰিব পাৰোঁ না জীয়াব পাৰোঁ
        জ্বলি জ্বলিয়ে মোক জীয়াই থাকিবলৈ দিয়া ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)