নামঘোষা তত্বদৰ্শন- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নমস্কাৰ মই কেইদিনমান আগতে অধ্যয়ন কৰা এখন গ্ৰন্থৰ ওপৰত চমু আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ।যিখন গ্ৰন্থ এখন ধৰ্মমূলক গ্ৰন্থ।। দৰ্শনৰো ইতিহাস আছে।ইতিহাসৰো দৰ্শন আছে । মই অধ্যয়ন কৰা গ্ৰন্থখনৰো এক ইতিহাস আছে।যিখন গ্ৰন্থই ঐতিহাসিক দৃষ্টিত কৰা বিচাৰে পাঠকসকলক দাৰ্শনিক বিচাৰৰ ক্ষেত্ৰতো সহায় কৰিব।আপোনালোকে হয়তো গ্ৰন্থখনৰ নামটো জানিবলৈ উচ্চুক হৈ আছে।
             এখন মহৎ গ্ৰন্থ হ'ল কিছুমান অৰ্থবহ প্ৰজ্ঞাধাৰী শব্দৰ খেল। এখন মহৎ গ্ৰন্থই এটা বৃহৎ সত্যক প্ৰতিনিধিত্ব কৰে।এই  সত্য কোনো আৰোপিত বাস্তৱৰ আশ্ৰিত সত্য নহয়। এই সত্য হ'ল পৃথিৱীৰ প্ৰতিগৰাকী মানুহৰ জীৱনৰ নিৰ্ঘাত আলোছায়া। পৃথিৱীত দৈনন্দিন অগণন গ্ৰন্থ ৰচনা আৰু প্ৰকাশ হৈ আছে। কিন্তু মানুহে তাৰ মাজেৰে কিছুমানহে মনত ৰাখে।এই গ্ৰন্থখনো এখন মহৎ গ্ৰন্থ যিখন শ্ৰী বাপচন্দ্ৰ মহন্ত দেৱৰ " নামঘোষা তত্বদৰ্শন ।এই গ্ৰন্থখন অধ্যয়ন কৰি মোৰ বৰ ভাল লাগিল।
         শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱৰ ৰচনাসমূহৰ ভিতৰত "নামঘোষা" সৰ্বপ্ৰসিদ্ধ গ্ৰন্থ। প্ৰকৃত পক্ষে এই গ্ৰন্থ অসমীয়া বৈষ্ণৱ সাহিত্য আৰু এক শৰণীয়া বৈষ্ণৱমতৰ গীতা স্বৰূপ । ই এনে এখন প্ৰাৰ্থনা শাস্ত্ৰ যাৰ প্ৰতিফাকি ঘোষাই মন্ত্ৰসদৃশ । নামঘোষা  অসমীয়া সমাজ আৰু সাহিত্যৰ বাবে অদ্বিতীয় আধ্যাত্মিক গ্ৰন্থ হৈ আছে। শ্ৰী মহন্তদেৱৰ এই  গ্ৰন্থ এনে এটা প্ৰয়োজনীয় সৎ প্ৰেৰণাৰেই ফল।
       এই আলোচনা গ্ৰন্থখন চাৰিটা খণ্ডত সম্পূৰ্ণ হৈছে। প্ৰথম খণ্ডটো পৃষ্ঠভূমি য'ত অসমীয়া বৈষ্ণৱ মতৰ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত এক শৰণীয়া  বৈষ্ণৱ মতৰ দাৰ্শনিক পটভূমি আৰু সাধন মাৰ্গ সম্বন্ধে বিচাৰ কৰা হৈছে। দ্বিতীয় খণ্ডত নামঘোষাৰ মূল উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণিত বিষয়ৰ আলোচনা দাঙি  ধৰিছে।এই প্ৰসংগতে বিষয়বস্তুৰ মূলস্ৰোত সম্বন্ধেও বিচাৰ কৰি চোৱা হৈছে। তৃতীয় খণ্ডত এক শৰণীয়া ভক্তিৰ ভাৱ আৰু আচৰণ পক্ষৰ বিশ্লেষণ কৰা হৈছে। চতুৰ্থ খণ্ডৰ আলোচনা সাহিত্যক দৃষ্টিৰে কৰা হৈছে। সুকুমাৰ ভাৱ আৰু কলাৰ ক্ষেত্ৰত সাহিত্যিক মানদণ্ডেৰে  নামঘোষাৰ আলোচনা কৰাটোৱেই এই খণ্ডটোৰ মূল উদ্দেশ্য।
              কৃষ্ণ নাৰায়ণ প্ৰসাদ মাগধ দেৱে কৈছিল- মোৰ এইটো দৃঢ় বিশ্বাস যে নামঘোষাৰ প্ৰতিপাদ্য বস্তুটো বুজিবৰ বাবে পাঠকসকলে ইয়াক সাদৰে গ্ৰহণ কৰিবই তদুপৰি অসমীয়া সাহিত্যৰ কেইখনমান শ্ৰেষ্ঠ আলোচনা গ্ৰন্থৰ ভিতৰতো এই গ্ৰন্থই ভাল স্থান পাব।
নামঘোষাত কৈছে........:
হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰক্ষ্মাণ্ডক ভেদি।।
নামঘোষাৰ মাজেত এনেদৰেই গুৰুভক্তিৰ জৰিয়তে ভক্তি ধৰ্মৰ গাঢ়তাক তীব্ৰতৰ কৰি তোলা হৈছে।গুৰুভক্তিৰ এই সমস্ত তথ্যই মাধৱদেৱৰ মৌলিকত্ত ,যি নামঘোষাক এখনি মৌলিক ভক্তিকাব্যৰূপে প্ৰতিষ্ঠা হোৱাত সহায় কৰিছে।

পুনৰ নামঘোষাত কৈছে-
সত্য অসত্যৰ জড় চেতনৰ
মাজত যিটো প্ৰকাশে
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে যাক উপাসে।।
অৰ্থাৎ মনৰ সাধনা অসত্য জড় বস্তুৰ অভিমুখীও হ'ব পাৰে আৰু সত্য চৈতন্যৰ অভিমুখীও হ'ব পাৰে। চৈতন্যৰ অভিমুখী কৰিলে মন চৈতন্য স্বৰূপ সত্যৰ উপলব্ধি কৰিব পাৰিব আৰু জড় বস্তুৰ অভিমুখী কৰিলে মনে জড় বস্তুৰ ফল বিষয়ভোগ কৰিব।জগৎ সৃষ্টিৰ প্ৰসংগত শংকৰদেৱ অনাদি পাতনৰ পদত মনৰ ওপৰত গুৰুত্ব দি মনেসে জানিবা বন্ধু মোক্ষৰ কাৰণ বুলি এইকাৰণেই কৈছে।মনতকৈ জ্ঞানেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়তকৈ কৰ্মেন্দ্ৰিয় ক্ৰমে অধিক স্থুল আৰু জড় গুণযুক্ত কাৰণে জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়সমূহৰ লগত সম্বন্ধিত বা জড়িত।জীৱ যে চৈতন্য সত্তা বা নিত্য আৰু অধিকৃত সত্যৰ অংশ স্বৰূপ,এই কথা নামঘোষাতো স্বীকাৰ কৰা হৈছে।

তুমি নিত্য নিৰঞ্জন নাৰায়ণ
আমিও অংশ তোমাৰ
তযু সেৱা ছোড় পায়া মহামায়া
মুহিলে মন আমাৰ।।

অৰ্থাৎ মনৰ প্ৰবৃত্তিমুখী গতিৰ সামৰণি পৰিলেই জীৱৰ কাৰণে জগতৰ বন্ধন বা আৱৰণ আপোনা আপুনি নোহোৱা হৈ পৰে। তেতিয়া পৰম পুৰুষ পৰমাত্মাত বিলীন হৈ যাব পাৰে।এয়ে হৈছে মায়াতৰণৰ স্বৰূপ। নামঘোষাত স্বতঃস্ফূৰ্তৰূপে হৰিগুণ কীৰ্তন কৰাত গুৰুত্ব দিয়া হৈছে _ 
হৰিগুণ কীৰ্তন স্বভাৱ ভৈল যাৰ
সংসাৰত দুৰ্লভ থাকিল কিবা তাৰ
ৰামকৃষ্ণ কীৰ্তনৰ স্বভাৱ ভৈল যাৰ।।
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ।।

এনেদৰেই পোনপটীয়া কৃষ্ণভক্তি বা দেশভক্তি আৰু গুৰুভক্তিৰ মাধ্যমেৰে প্ৰৰমতত্বৰ দৰ্শন মাৰ্গ তৈয়াৰ কৰাৰ মাৰ্জিত প্ৰয়াস দেখা যায় নামঘোষাৰ মাজত।
এই গ্ৰন্থখনত অধ্যয়ন কৰি ভাল লগা স্তৱক হ'ল :
নামঘোষাৰ ভক্তিতত্বতো ৰসময় ফলস্বৰূপ। এই ফল লাভ কৰিবলৈ হ'লে ফলৰ পূৰ্বৰ অৱস্থা ফুল পাতস্বৰূপ দৰ্শন বা জ্ঞানৰ আৱশ্যক হয়। কেৱল ফুল আৰু পাতো থাকিব নোৱাৰে।ডাল,গা গছ , আৰু শিপাৰ সহায়েৰেহে পাত ফুল আৰু ফলসহ সম্পূৰ্ণ গছ এজোপা হ'ব পাৰে।ফুলদানিত সজাই থোৱা ফুলৰ পৰা ফল লাভ সম্ভৱ নহয়। সেইদৰে ভক্তিৰ অনুকুল কৰ্মযুগৰ পৰাহে সাধনা আৰম্ভ হয়। কীৰ্তন,ভাগৱত, ৰত্নাৱলী ,আদিত ভক্তিমাৰ্গৰ বিষয়ে যিখিনি কোৱা হৈছে তাৰ লগত নিমিলা একো কথাকে ঘোষাত কোৱা নাই। নামঘোষা এই গ্ৰন্থসমূহৰ বিচাৰেৰে নিৰ্মিত মন্দিৰ এটাৰ কলচীটোৰ দৰে শীৰ্ষস্থানীয় ভক্তি প্ৰতিবাদক গ্ৰন্থ হ'লেও নামঘোষাৰ ভাৱ গ্ৰহণ কৰিবৰ বাবে ৰত্নাৱলী , কীৰ্তন আৰু দশম স্কন্ধ প্ৰভূতি ভাগৱতৰ মতে জান আৰু কৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। জ্ঞানীসকলৰ কাৰণে জ্ঞানো ভক্তিৰ সাধন হৈ পৰে, কিন্তু সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে জ্ঞান সহজ বস্তু নহয়।তেনেস্থলত কৰ্ম বা আচৰণধৰ্মহে ভক্তিৰ ঘাই ধৰ্ম হ'ব পাৰে। নামঘোষাত কৃষ্ণ নামৰ আৰাধনা এইদৰে কৰিছে-
কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৰ্বতয় 
দুইৰো এক পদ ভৈলে পৰম ব্ৰক্ষ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়।
নামঘোষাত কৈছে- 
মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
যিজন মুক্তিত নিস্পৃহ ভক্তই ৰসময়ী ভক্তি দান কৰিব পাৰে । তেৱেঁই গুৰুও ।নিজে ভক্ত নহ'লে আনক ভক্তিদান কৰিব নোৱাৰে। গতিকে নামঘোষাৰ প্ৰথম বাক্যটোত গুৰু আৰু ভক্ত উভয়কে নমস্কাৰ কৰিছে। তাৰপিছত সকলোৰে নমস্য আৰু ভকতৰ বশ্য যদুপতি কৃষ্ণক ভজনা কৰাৰ কথা কৈছে। এইদৰে গুৰু স্বৰূপ ভক্ত আৰু দেৱৰ পাছত ৰাম কৃষ্ণ আদি নামৰ নামী সংসাৰ সাগৰ পাৰ কৰোঁতা , পৰমপদদাতা সদানন্দ ,সনাতন, কৃষ্ণক হৃদয়ক উপাসনা কৰোঁ বোলা উক্তিৰেই সম্পূৰ্ণ হৈছে গ্ৰন্থৰ বিষয়বস্তুটো ৰসময়ী ভক্তি সম্বন্ধীয় উপদেশ প্ৰধান। দ্বিতীয় খণ্ডতো ঘোষাচন্দ্ৰৰ বিষয়ে দেৱ প্ৰধান। এই দেৱ যাদৱ যদুনন্দন যদুপতি কৃষ্ণ। ব্যক্তিৰূপত প্ৰকট লীলাৱতাৰ কৃষ্ণজন সদানন্দ , সনাতন কৃষ্ণ আদি নামৰ নামী কৃষ্ণৰ প্ৰতীক। নাম ছন্দৰ কৃষ্ণজন হৃদয়ত উপাসনাৰ উপযোগী কাৰণে কেৱল উপলব্ধিৰ বস্তু ।সেই স্তৰত কৃষ্ণ হৃদয়স্থিত সত্য স্বৰূপ হোৱাৰ লগতে তেওঁৰ নামো হৃদয়ৰ বস্তু হৈ থাকে। সেইবাবে নাম ছন্দৰ শেষ ভাগলৈ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় বুলি কেইফাকিও ঘোষাত নামৰ ৰহস্যত্মাক স্বৰূপটোৰ বৰ্ণনা দিছে।নামৰ এই স্বৰূপটোৰ ঘোষণা কৰা বাবেই গ্ৰন্থৰ নাম সাৰ্থক হৈছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)