বুঢ়া বাঁহ- মৌচম হাজৰিকা

©Admin
0
মই, কেঁচা বাঁহ নহয় 

মোক তোমাৰ ইচ্ছা অনুসৰি 
একা-বেঁকা কৰিব নোৱাৰিবা 

ওপৰৰ পদবীত আছা বুলিয়েই
তুমি মোৰ ৰাজহাড় নাই বুলি নাভাবিবা 

তোমাৰ এতিয়াও বয়স আছে
কেৰিয়াৰ গঢ়াৰ 

সেই স্বাৰ্থতেই 
তুমি মোক তোমাৰ কথামতে
উঠা বহা কৰিবলৈ চেষ্টা নকৰিবা 

মোৰ পুতৌ জন্মে তোমালৈ 

যেতিয়া তুমি তোমাৰ কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত
ৰাজহাড় নথকা প্ৰাণীৰ দৰে হৈ পৰা 

মই লাজ পাওঁ
ৰাজহাড় নথকা মানুহ দেখিলে 

মই ঘিণ কৰো
বিবেক বিক্ৰী কৰা মানুহ দেখিলে 

সেয়ে
তুমি মোক তোমাৰ ইচ্ছা অনুসৰি 
একা-বেঁকা কৰিব পাৰিম বুলি নাভাবিবা 

কাৰণ
মোৰ অভিজ্ঞতা আৰু কৰ্ম-কাণ্ড বুঢ়া বাঁহৰ দৰেই 

মোৰ মন বুঢ়া বাঁহৰ দৰে 

মোৰ কেঁচা পাত বুঢ়া হৈ
সৰি আছে 

মোৰ শিপাবোৰ 
মোৰ মূলৰোমবোৰ 
মোৰ মূলত্ৰ অঞ্চল শুকাই আহিছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)