বিচাৰিছিলোঁ ,,,,,,,,,,।
আকাশৰ কোনো এক প্ৰান্তত জিলিকি
উঠা এফাঁলি আচহুৱা জোনৰ দৰে।
তোমাৰ বুকুৰ উত্তাল জলপ্ৰপাতত
মই স্নান কৰিব বিচাৰিছিলোঁ ,,,,,,,,।
সজাব বিচাৰিছিলোঁ জীৱনৰ গতি,,,,,
দিব বিছাৰিছিলোঁ উপহাৰ,,,,,,,,
এটা সুন্দৰ কবিতা।
তোমাৰ প্ৰেমত মই বাট হেৰুৱাইছিলোঁ ,,,,,,।
জোনাকী পৰুৱাৰ পোহৰকে জোনাক
বুলি ভুল কৰিছিলোঁ ,,,,,,,,,,,।
উদং চকুপানীৰ শুকান মৰুভূমিত
সুখৰ মৰীচিকা খেদি আলিংগন
কৰিব বিচাৰিছিলোঁ,,,,,,,,,,,।
নিৰবে নিৰ্বোধ এক যাত্ৰা,,,,,,,,।
সহস্ৰ ধুমুহাৰ অভিজ্ঞতাৰে অভিজ্ঞ হৈ
তোমাক বিচৰা নাছিলোঁ মই।
মোৰ ব্যৰ্থ প্ৰেমৰ প্ৰেমিক তুমি
ৰৈ গলা হৃদয়ৰ মাজত ,,,,,,,,,,,,
অমাবস্যাৰ ৰাতি হৈ।
✍️ বিটুমনি কোছঁ
ধেমাজি (মাছখোৱা)