পৰম পূজ্য,
শিক্ষাগৃহৰ খনিকৰ;
এই গৃহতেই শিক্ষিত হওঁ আজি
ন-জ্ঞানৰ জ্যোতিৰে।
শিক্ষাগুৰু মোৰ
দেৱতুল্য,
দেৱী সৰস্বতী;
চৰণে কৰোঁ প্ৰণাম, মিনতি
ধূপ, দীপ, পুষ্প, অৰ্ঘ্য লৈ।
শিক্ষাই আনে জগতলৈ
নৱ নৱ জ্ঞানৰ
আলোক ৰেখা;
শিক্ষাৰ দ্বাৰাই গঢ়িত আজি
মানস গোষ্ঠী
বিখ্যাত শিক্ষাবিদ।
শিক্ষাবিহীন মনুষ্যক
কৰিছে প্লাৱিত
বিদ্যাৰ ৰসেৰে;
শিক্ষাগুৰু বিনে সক্ষম আজি
জগতখ্যাত পণ্ডিত
কাৰ কৃতজ্ঞতাত?
বিদ্যাই আমাৰ স্বনামধন্য মন্ত্ৰ,
গঢ়িছোঁ জীৱন
আহিছোঁ আগুৱাই;
বিদ্যাৰ সংগ সৰ্বোত্তম অস্ত্ৰ
কলম সৰ্বমহাবলী শস্ত্ৰ।
কলমৰ যোগেদি পাৰিছোঁ আজি
আখৰা কৰিব
তীক্ষ্ণ হস্তলিপি
বিদ্যা, কলম দাতা গুৰু ও উদ্ভাৱক-
পাৰোঁনে আজি
মমবাতিৰ দৰে নিজক উজ্বলাব
নিৰপেক্ষ হৈ??
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ