কৃষকৰ ধাননিৰ পথাৰখনি
আজি হ'ল সোণালী
সোণগুটি ধানেৰে ভৰি
শীতো আহিল শৰৎ ৰাণীক লৈ
শাওণৰ সপোন আজি হ'ল সোণালী।
কাঁচিয়লী কুঁৱলি , সোণালী ধাননি
পৰাণ জোৰোৱা গীত এটি
বাজিচে মোৰ হিয়াতে আজি
জাক জাক বগলী
উৰি আহি পৰে ধাননিত।
দাৱনীয়ে মুঠি মুঠি
কাটে ধানৰ গজি
সৰু আলিয়েদি কৃষক যায়
কান্ধত ডাঙৰীটি লৈ।
দূৰৈৰ পৰা ভাঁহি আহে
গৰখীয়াৰ এটি সুমধুৰ গীত
ঝাওবনবোৰৰ মাজে মাজে
কোনেনো সুহুৰিয়াই মাতে
বাঁহীৰ সুৰতে মোৰ মন
মতলীয়া হৈ নাচে।।