শাৰদীয় বিষাদ - অমৰ নায়ক

Aditi Tanti
0
শাৰদীয় সুবাসবোৰ মধুৰ,
পূজা পূজা লগা মনবোৰত আনন্দৰ বীজ অংকুৰিত হৈ
উল্লাসত মানুহে আকাশ চুৱে।
কোনে কাতকৈ দামী কাপোৰ,বয়-বস্তু কিনিব তাৰে প্ৰতিযোগিতা চৌপাশে,
কি আনিব কি খাব সকলো তাতে মগ্ন
ৰাজপথৰ কাষে কাষে ভিক্ষা খুজি ফুৰা ল'ৰা ছোৱালীবোৰ
এইবাৰ পূজাত কি পিন্ধিলে কি কিনিলে ?
এবাৰ ভাবিব চোন। আপোনাৰো হিয়া কঁপিব
দুবেলা দুমুঠি খুজি খোৱা মগনীয়া ককা-আইতা সদৃশ
বৃদ্ধ মানুহবোৰৰ কথা চিন্তা কৰিব চোন
আপোনাৰো অশ্ৰু নিগৰিব,বিবেকেও কথা পাতিব
এবাৰ ভাবিব চোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)