নিয়ৰৰ মুকুতা সৰিছে
কুঁৱলীৰ মাজে মাজে
সুহুৰিৰ শুৱলা সৰিছে
হিম সৰা বতাহ জাকে
হালধীয়া সুগন্ধি বিলাইছে
নানাৰঙী ধানৰ গোন্ধ হাউলি পৰিছে
টোকোৰা জাকৰ ফিৰফিৰীয়া বতাহত
দাৱনীহঁতৰ আঁচল সৰিছে
ভদোৱা কাঁচিখন চমকি উঠিছে
উদংপেটিয়া ভঁড়ালৰ ভোক বাঢ়িছে
ধানবোৰ পকিছে
কঙাল কৃষকৰ উৰুখা পঁজাত
এমুঠি নৰাৰ টাপলি পৰিছে
নৰাৰ সুগন্ধিত উজ্বলি উঠিছে
ভোগালী দিনৰ এখন মজিয়া
চাকিৰ পোহৰত উজ্বলি উঠিছে ভোক
আইৰ দুচকুত বিৰিঙি উঠিছে সুখৰো সুখ।
✍🏻যুগল কিশোৰ কেওঁট
টেঙাখাত
ডিব্ৰুগড়।