লুৰিণজ্যোতি-গোবিন্দ গায়ন

Aditi Tanti
0
লুৰিণজ্যোতি মাথোঁ এটি নাম নহয়,
নহয় ক্ষন্তেকীয়া জিলিকণি,
লুৰিণজ্যোতি অসমীয়াৰ প্ৰাণ,
জাতীয় সত্বাৰ স্বাভিমান।

আপোচহীন যাৰ চৰিত্ৰ,
অসম প্ৰেম যাৰ লক্ষ্য,
অসম বন্ধু লুৰিণজ্যোতি হ'ল
জাতীয় জীৱনৰ উজ্জল নক্ষত্ৰ।

লোভ,মোহ, ক্ষমতা যাৰ নাই লালসা,
লুৰিণজ্যোতি তাৰ নাম,
অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা,
একমাত্ৰ লুৰিণৰ প্ৰত্যাখ্যা।

জাতিৰ বাবে, জাতিৰ হৈ,সুস্থ জাতীয়তাবাদৰ ভেটিত আঞ্চলিকতাবাদ,
অসমৰ অসম জাতীয় পৰিষদৰ অঙ্গীকাৰ।
অসম জাতীয় পৰিষদৰ সভাপতি,
অসমজ্যোতি, অসম কণ্ঠ আমাৰ লুৰিণজ্যোতি।

যুজিম আৰু জিকিম
অসম জাতীয় পৰিষদৰ পণ,
পৰিও নমৰো,মৰিও নমৰো
জাতিৰ স্বাৰ্থত যুজিম অবিৰাম।

লুৰিণজ্যোতি মাথোঁ এটি নাম নহয়,
ই এক যুঁজাৰু স্বাভিমানি যোদ্ধা হয়।
অসমীয়া জাতীয় সত্তাৰ আপোচহীন সেনাপতি,
লুৰিণজ্যোতি আমাৰ সভাপতি।

আমি আছোঁ আপোনাৰ সৈতে,
থাকিম চিৰকাল জাতীয় সেৱক হৈ,
চলিম আজীৱন জাতীয় পৰিষদৰ নিৰ্দেশ মতে।

অসম প্ৰথম,সদায় আৰু চিৰদিন,
পৰাধীনতাৰ শিকলি চিঙি জয় আই অসম কম প্ৰতিদিন।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)