একাঁজলী বিৰহ ২৯-বিটুমনি ভূঞা কোছ

©Admin
0

গাড়ীখনৰ পিছৰ চিতটোত বহি যোৱা তগৰে সেই সময়খিনি অসহনীয় নিসংগতাৰ অনুভৱ কৰিলে।গাড়ী চলাই যোৱা ৰমাকান্তলৈ তাই ভয়ে -ভয়ে চালে।এজন ৩০-৩৫বছৰীয়া সুঠাম পুৰুষ।বেচ গহীন গম্ভীৰ।নৰকৰ অন্ধকুপত জীয়াই থাকিলেও  শহুৰৰ ঘৰখনত ইমান নিসংগতাৰ কেতিয়াও অনুভৱ হোৱা নাছিল তাইৰ ।আশে-পাশে থকা মানুহবোৰ আপোন আছিল।কিন্তু মন্দিৰৰ স্বৰ্গপুৰীত থাকিও তাই যেন বৰ অকলশৰীয়া।এজন অচিনাকি পুৰুষৰ হাতত তাইক গতাই দিয়া প্ৰধান প্ৰভূলৈ তাইৰ মনে মনে খং উঠিল।

হঠাৎ গাড়ীখন এখন কাপোৰৰ দোকানৰ সন্মুখত ৰৈ গ'ল।ৰমাকান্তই গাড়ীৰ পৰা নামি আহি তগৰক নামিবলৈ ইংগিত দিলে।হঠাৎ বহাৰ পৰা উঠিলেই তাইৰ মূৰটো আচন্দাই কৰে ।আজিও সেয়ে হ'ল।চকুৰে ধোঁৱা ধোঁৱা দেখিলে।তাই ৰৈ গ'ল।ৰমাকান্তই হাত এখন আগবঢ়াই দিলে।পৰপুৰুষৰ হাতত ধৰিবলৈ তাইৰ সাহস নাই।তাই হাত খন মুঠিমাৰি ধৰিলে।ৰমাকান্তই তাইৰ হাতত ধৰি গাড়ীৰ পৰা নমাই আনি দোকান খনৰ ভিতৰলৈ নি চকী এখনত বহুৱাই দিলে।কেইবাজনীও ছোৱালী আগবাঢ়ি আহিল।ৰমাকান্তই ছোৱালী এজনীলৈ চাই ক'লে-মেডামক এখন গোলপীয়া ভাল শাৰী বদলি কৰি দিয়া।ছোৱালীজনীয়ে তগৰক ওপৰলৈ লৈ গ'ল।এটা আচুতীয়া কোঠাৰ এখন সৰু দৰজা খুল খালে।বগা সাজযোৰ গাৰ পৰা এৰুৱাই ছোৱালীজনীয়ে তগৰক এখন পাতল গোলপীয়া ৰঙৰ শাৰী পিন্ধাই দিলে।এগৰাকী বিধবা মহিলাই ৰঙীন কাপোৰ পিন্ধিলে ধৰ্ম নষ্ট হয় বুলি শাহুৱেকে দিয়া পৰামৰ্শ তাই আজিও আখৰে আখৰে পালন কৰি আহিছে।আজি তাইৰ ধৰ্ম নষ্ট হ'ল।বাধা দিব খুজিও তাই বাধা দিব নোৱাৰিলে।মোৰ পাপ হ'ব।কথাষাৰ ভাবি তাইৰ চকুলোঁ বৈ আহিল।মেডাম চেণ্ডেলযোৰ  খোলক।তগৰৰ সম্ভিত ঘূৰি আহিল।তাই শাৰী খন দাঙি নতুন চেণ্ডেলযোৰ পিন্ধি ল'লে।পেকিং কৰা কাপোৰৰ বেগকেইটা ৰমাকান্তই গাড়ীখনত থৈ আহি ,দোকানীক কাপোৰ কিনা টকা দি তগৰলৈ চালে।শাৰী খনৰ আচলটোৰে তাই ওৰনিখন লৈ ৰৈ আছিল।নতুন সাজযোৰ পিন্ধি মানুহৰ আগত ওলাবলৈ তাইক লাজ এটাই হেঁচা মাৰি ধৰিলে।বৰ ধুনীয়া লাগিছে মেডামক ছাৰ।ছোৱালী জনীয়ে কোৱা কথাষাৰলৈ ৰমাকান্তই গুৰুত্ব নিদি ,তগৰক হাতত ধৰি গাড়ীখনলৈ আগবাঢ়ি গ'ল।

এইবাৰ এখন বিউটিপালাৰলৈ তগৰক লৈ ৰমাকান্ত আগবাঢ়ি গ'ল।মেডামৰ চুলি খিনি অলপ ভাজ কৰি দিয়া।মিহি লাহি চুলি খিনি ভাজ কৰি কেকুৰা কেকুৰ কৰি মেলি দিলে।বহু বছৰ পাছত মুক্ত মনেৰে চুলি খিনিয়ে খিলখিলাই হাঁহিলে।মুখখন সামান্য মেকআপ কৰি দিলে।আচহুৱা পৰিবেশটোত তাই অসহ্য অনুভৱ কৰিলে।এই অচিনাকি মানুহজনে গৰ্ভৱতী মানুহজনীক নতুনকৈ সজোৱাত ব্যস্ত।এইজনৰ অভিপ্ৰায় কি।তাই আতংকিত হৈ পৰিল।প্লিজ ছাৰ মেডামৰ একপি ফটো তুলি ৰাখোঁ।সঁচাকৈয়ে আপোনাৰ মেডাম বৰ ধুনীয়া।নালাগে বুলি কথাষাৰ কৈ ৰমাকান্তই তগৰক হাতত ধৰি গাড়ীখনলৈ আগবাঢ়িল।

হোটেলখনত বিবিধ খাদ্য আগত লৈ তগৰৰ লঘোনীয়া পেটেৰে তিনি দিনলৈ বিচনাত পৰি থকা দিনবোৰলৈ মনত পৰি শোকটোৱে খুন্দা মাৰি ধৰিলে।খোৱা ৰৈ নাথাকিবা।ৰমাকান্তৰ মাতত তাইৰ সম্ভিত ঘূৰি আহিল।খুন্দা মাৰি ধৰা শোকটো হেঁচা মাৰি চকু মুদি তাই পানী এঢোক গিলিলে ।বিবিধ খোৱা খাদ্য পায়ো তাইৰ লোভ নালাগিল।তাই হোটেল খনৰ পৰা লাহে লাহে ওলাই আহিল।চাৰিওফালে অচিনাকি মানুহবোৰে তাইক যেন ইতিকিং কৰি হাঁহিছে।তাই মুখখন ওৰনিখনেৰে ঢাকি ধৰিলে।

 ক্ৰমান্বয়ে আগবাঢ়ি যোৱা গাড়ীখনৰ পিছৰ চিতটোত বহি যোৱা তগৰৰ চকু পানী সুত বুকুৱেদি  বাগৰি গ'ল।ৰমাকান্তই পাছলৈ ঘূৰি চাই তাইৰ চকুত চকুপানী দেখি ক'লে, তোমাৰ হৃদয়ৰ ৰসহ্যময় সাগৰখনত ভাৱনাৰ কি ঢৌ বৈ গৈছে ,মই বুজি নেপালেও তুমি মোক ভুল নুবুজিবা তগৰ।তোমাক বচাবলৈ মই  এইবোৰ কৰিব লগা হৈছে।তোমাৰ ওপৰত তোমাৰ শাহুৱে চুৰিকেছ জাপি দিয়া আছে।তোমাৰ নিৰুদ্দেশৰ এক চাঞ্চল‍্য ঘটনাত পৰিনত হ'ল।প্ৰতিখন থানাত তোমাৰ ফটো মজুত আছে।যিকোনো সময়ত তোমাক সন্দেহ কৰিলে ,পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে।তোমাৰ হ'ব লগা সন্তানটোৰ কথা ভাবি নিজকে বদলি কৰিবলৈ চেষ্টা কৰা।

ৰমাকান্তৰ কথাখিনি শুনি তগৰৰ অন্তৰখন ভৰি পৰিল।এজন অচিনাকি মানুহে তাইৰ ভালৰ বাবে ইমান চিন্তা কৰিছে।ৰমাকান্তৰ প্ৰতি তাইৰ শ্ৰদ্ধাত মূৰ দো খাই গ'ল।তাই চকুপানী খিনি মোঁহাৰি ল'লে।

 আগলৈ,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)