খেলুৱৈ- অংশুমান ভূঞা

Aditi Tanti
0
বহু প্ৰত্যাশা লৈ উৰা মাৰিছিল 'চাম্বাৰ দেশ'লৈ।কিন্তু অপ্ৰত্যাশিত ছন্দপতন।সৰসৰাই তপত চকুলো বাগৰি আহিছিল।সকলো যেন নিমিষতে শেষ হৈ গৈছিল।সেই সময়তে অন্তৰাত্মাই কৈ উঠিছিল,"তই খেলুৱৈ।হাৰিব পাৰ কিন্তু ভাগিব নোৱাৰ।" তিলতিলকৈ নিজকে পুনৰ সাজু কৰাত লাগিছিল।
      আকৌ ব্যৰ্থতাক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ উৰা মাৰিলে 'সূৰ্য উঠা দেশ'লৈ।প্ৰথমদিনাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা স-গৌৰৱেৰে ক্ৰীড়াৰ বিশ্বযুদ্ধত উজ্বলি উঠিল।
      আকৌ এবাৰ সৰসৰাই চকুলো বাগৰি আহিছিল।ব্যৰ্থতাৰ নহয় বিশ্ব জিনাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)