স্পৰ্শ- বিটুমনি কোঁছ

Aditi Tanti
0
তোমাৰ মৃদু স্পৰ্শত              
ৰঙা কলিজা ফালি
বৈ যায় এক শিহঁৰণ

আৰু এনেকৈয়ে
শিহঁৰণৰ সজাগতাত মোৰ
আৰম্ভ হয় কৰ্মব্যস্ততা।

প্ৰতিটো ঋতুৰ সলনি
হোৱাৰ দৰেই সলনি হয়,
তোমাৰ মনৰ ৰং।

আৰু এনেকৈয়ে
মোৰ স্মৃতিৰ পটত জীপাল
হয়, তোমাৰ সোঁৱৰণ।

তোমাক এবাৰ চোৱাৰ
হেঁপাহত উদবাউল প্ৰতিটো
এৰি অহা আৰু আহি থকা ক্ষন।

আৰু এনেকৈয়ে
ধুমুহাৰ পাছত বৰষুণ অহাৰ দৰে
উৎকণ্ঠাবোৰ বিষন্নতা লৈ 
পৰিৱৰ্তন হৈ যায়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)