সোণালী সূতাৰ সপোন অধ্যায় ৫ - ড' মৃদুল চন্দ্ৰ শৰ্মা

Aditi Tanti
0
স্বৰ্ণীলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি উৰ্ত্তীণ হোৱাৰ পাছত দিল্লীলৈ ‌পঢ়িবলৈ গ'ল । দিল্লী বিশ্ববিদ্যালয়ৰ  পৰা ইকনমিক্সৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ ‌উৰ্ত্তীৰ্ণহৈ লণ্ডনৰ স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি আহে । এদিন দেউতাকে তাক সুধিলে এতিয়া কি কৰিম বুলি ভাবিছ। সি হাঁহি মাৰি ক'লে মই পঢ়া-শুনা মাত্ৰ শিক্ষা লাভ কৰিবৰ বাবে কৰিলোঁ । সৰুৰে পৰা মোৰ ইচ্ছা আছিল, তোমাৰ দৰে মুগাৰ ওপৰত কাম কৰাৰ । মোৰ নাম মায়ে সেইকাৰণেই  স্বৰ্ণীল ৰাখিছিল নহয় । দৰ্শনাৰ ফালে চাই মহেনে এটা সন্তুষ্টিৰ হাঁহি মাৰিলে‌ । দৰ্শনাৰো কব নোৱাৰাকৈ চকুৱে দি আনন্দ অশ্ৰু বাগৰি আহিল ।

উপসংহাৰ: ইতিমধ্যে স্বৰ্ণীলে দেউতাকৰ তাঁতশাল উদ্যোগ ৫০ খনৰ পৰা ১০০ খন কৰিলে । ৫০ বিঘা নতুন মাটিত সমবায় ভিত্তিত চোমনি লগালে । তাৰ ওপৰিও ৩০ বিঘা মাটিত কেছেৰু, বৰপাত আদি এৰা খাদ্য বৃক্ষ‌ ৰোপন কৰিলে । ইতিমধ্যে পাৱাৰলুমৰো ব্যৱস্থা কৰি উন্নত মানৰ মুগা, এৰী কাপোৰ ‌বোৱা আৰম্ভ কৰিলে। মুগাৰ সঁচ বনোৱা আৰু এৰী পলু পোহাৰ বাবে উন্নত গৃহ নিৰ্মাণ কৰিলে । স্বৰ্ণীল মুগা এৰী উদ্যোগে আজি দেশ বিদেশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই যাত্ৰাৰ স্থৱিৰতা নাই । মুগা আছে থাকিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)