ততেই নেপায়...
ওৰণিৰে মুখখন ঢাকি
দাঁতেৰে আঁচল কামুৰি
ভোঁৰভোৰাই থাকে,
ইমান দৈন্যতা কিয় বাৰু ?
নিজৰ বুলিবলৈ মাথোঁ
ভগা বিছনাখন
তাৰ সংগী কঁথাখন - - ছাঁ টোৰ দৰে।।
নিত্য নৈমিত্তিক কৰ্ম শেষ কৰি
ঢাপলি মেলে কৃপণৰ ঘৰলৈ ।
থালত এৰা ভোজন দেখি,
তাইৰ টোপোলা বান্ধিবৰ মন যায়...
লাজতে নেবান্ধে,,
হে জীৱন!তই মহাজীৱন কেনেকৈ ?
হয়তো ধন-বানৰ হে মহাজীৱন !!
আনন্দও কিনি ল'ব পাৰে ধনেৰে ।
অজানিতে নিগৰি অহা চকুপানী মচি...
তাই বহু কিবা-কিবি ভাবে ।
দেহ মনত শিহঁৰণ উঠে...
হয়তো কেতিয়াবা
তাইৰো ধন বাঢ়িব
তাই ভাবে...
ধনেই সুখ নেকি ?
✍️ ড° ৰুণুমী দত্ত ডেকা ,ৰঙিয়া