এখন ঘৰৰ ছোৱালী কিন্তু- হেমেন হাজৰিকা

Rinku Rajowar
0
এখন ঘৰলৈ এটা দেৱশিশু আগমনলৈ কিমান আগ্ৰহ , অপেক্ষা আৰু উৎকণ্ঠাৰে বাট চাব লগা হয় ।
       আজিৰ দিনটোত আমাৰ  উচ্চ শিক্ষিত সমাজৰ শিক্ষিত , অৰ্ধ শিক্ষিত সকলোৱেই তেওঁলোকৰ ঘৰখনলৈ আহিব লগা শিশুটো ল'ৰা হোৱাটোৱেই কামনা কৰে ।
         এইটো কোনেও প্ৰথমতে কামনা নকৰে যে তেওঁলোকৰ হ'বলগীয়া প্ৰথম সন্তানটো ছোৱালীয়েই হওক । কথিত আছে যে , এহাল দম্পতিয়ে কোনো ভাগ্যৰ ফলত ল'ৰা সন্তান লাভ কৰে আৰু সৌভাগ্যৰ ফলতহে এহাল দম্পতিয়ে ছোৱালী সন্তান লাভ কৰে ।
        এখন ঘৰৰ এজনী কন্যা সন্তান জন্ম হোৱা মানে আন কোনো এখন ঘৰৰ বোৱাৰী জন্ম হোৱা ।
সঁচায়ে বাৰু সৌভাগ্যৰ কথা নহয়নে ! আমি সকলোৱে ল'ৰা সন্তান বিচাৰোঁ ঠিকেই , কিন্তু প্ৰত্যেককে যদি ল'ৰা সন্তানহে লাগে তেন্তে তেওঁলোকৰ ল'ৰা সন্তানৰ বাবে বিয়া কৰাবলৈ এজনী ভাল ছোৱালী ক‘ৰ পৰা আহিব ।
          তেতিয়া কিন্তু সকলোকে এজনী ভাল ছোৱালীৰ আৱশ্যক হয় । নিজে ছোৱালী নিবিচাৰে কিন্তু বিছনাত সকলোকে এজনী ভাল ছোৱালীহে লাগে । তেতিয়া কিমান যে Certificate নিবিচাৰিব । ল'ৰাৰ ক্ষেত্ৰত তেনে Certificateৰ আৱশ্যক নহয় নেকি ? ল'ৰা হ'লে সকলো মাফ !
যি দুষ্ট , দগাবাজ যিয়েই নহওক সি ল'ৰা । এনে ধৰণৰ এলান্ধু কলীয়া ৰীতি-নীতি মতে চলিছে আমাৰ সমাজ ব্যৱস্থা !
      এনে আন্ধাৰ কৰাল গ্ৰাসৰ পৰা কেতিয়া মুক্ত হ'ব আমাৰ সমাজ ? আমি কি সূত্ৰে কি গতিৰে আগবাঢ়িলে এনে ব্যৱস্থাৰ পৰা মুক্ত হ'ব পাৰিম ? প্ৰগতিৰ সোণোৱালী বাটেৰে আমি আগবাঢ়িছো বুলি তালফাল লগাই আছোঁ , আমি আনক উপদেশ দিওঁ কিন্তু নিজে পালন নকৰোঁ । এয়া আমাৰ স্বভাৱ ।। আনৰ সমালোচনাত মুখৰ হোৱা আমি নিজৰ দোষৰ কথা পাহৰি থাকো । সেয়া বিচাৰ নকৰোঁ । কোনোৱে কৰে আমি খঙত অগ্নি শৰ্মা হ'ম ।
       নিজৰ তেজ পানীৰে জন্ম দি লালন-পালন কৰি পঢ়াই-শুনাই সকলো ফালৰ পৰা উপযুক্ত কৰি বেলেগ এখন ঘৰলৈ বোৱাৰী কৰি উলিয়াই দিয়াত গৌৰৱো নথকা নহয় । কিমান বেদনা , কিমান মানসিক কষ্ট সেয়া ভুক্তভোগী মাক-দেউতাকৰ বাহিৰে আনে বুজিব নোৱাৰিব । কিমান মৰমত ছোৱালীজনী ঘৰখনত ৰাখিছিল , জন্মৰ দিনটোৰ পৰা আৰম্ভ কৰি ইমান দিনে ছোৱালীজনীয়ে ঘৰখনত কটাইছিল ! এনে অফুৰন্ত মৰমৰ ঘৰখন এৰি থৈ যাব লাগিব ছোৱালীজনীয়ে ।
       এটা কথা ঠিক আৰু সৰ্বজনবিদিত যে যিখন ঘৰত ছোৱালী নাই সেই ঘৰখন বৰ অপৰিপাটী হয় , বিশৃঙ্খল হয় , ছোৱালীজনীয়েহে ধৰি ৰাখে ঘৰখন। তেতিয়াহে উপলব্ধি হয় যে ঘৰ এখনত ছোৱালী এজনীৰ কিমান দৰকাৰ । ঠিক তেনেদৰে সেই ছোৱালী জনী যেতিয়া বোৱাৰী হৈ এখন বেলেগ ঘৰলৈ যাব তেতিয়া সেই ঘৰখন পৰিপূৰ্ণ হৈ উঠে । ছোৱালীজনীৰ ব্যৱহাৰ , কাম-কাজে তেওঁলোকক মৰ্যদাপূৰ্ণ কৰি তুলিব । তেওঁলোকৰ বাবে মৰমৰ পাত্ৰ হৈ পৰিব । তেতিয়া সেই বোৱাৰী গৰাকী তেওঁলোকৰ বাবে আদৰ্শ বোৱাৰীত পৰিণত হ'ব ।
      বোৱাৰী এগৰাকীয়ে দুখন ঘৰৰ মাজত এডাল সাঁকোৰ দৰে কাম কৰিব লগা হয় । বহুত ধৈৰ্য ধৰিব লগা হয় লগতে সহ্য ও কৰিব লগা হয় । মহিলাৰ শত্ৰু সদায় মহিলাই হয় । ইয়াৰ ফলত কিমান বোৱাৰীয়ে অকালতে প্ৰাণ আহুতি দিব লগা হৈছে তাৰ সীমা সংখ্যা নাই । ইয়াৰ মূলতে থাকে সেই ঘৰখনৰ ননদ , শাহু , জেশাহু বা ঘৰখনৰ অন্য এজনী বোৱাৰী । নানা অজুহাত দেখুৱাই , সৰু-সুৰা কথাতে ভুল ধৰি নানান ধৰণৰ শাৰীৰিক , মানসিক অত্যাচাৰ কৰি নিৰ্যাতন কৰি বোৱাৰী জনীৰ জীৱন দূৰ্বিসহ কৰি তোলে । ইমান নিকৃষ্ট মানুহৰ বাবে এনে হয় ।
       আমি কাহানিকৈ বুজিম আমাৰ গাত যে কিমান দোষ আছে ! আনৰ ছোৱালীজনীক বোৱাৰী হিচাপে আমি মৰম , আদৰ-সাদৰ কৰিলেহে বোৱাৰীজনীয়েও সেই ঘৰখনৰ মানুহক আৰু ঘৰখনক নিজৰ বুলি আঁকোৱালি ল'ব । কথাতে কয় নহয় “মৰম দিলেহে মৰম পায়” । সেই ছোৱালীজনীক বোৱাৰী বুলি নহয় নিজৰ ছোৱালী বুলি গ্ৰহণ কৰক । যিদৰে নিজৰ ছোৱালী জনীৰ সৰু-সুৰা ভুল হ'লে ক্ষমা কৰি দিয়ে ঠিক সেইদৰে বোৱাৰী জনীকো মৰম দিয়কচোন । তেতিয়া তাই এইখন ঘৰকে নিজৰ ঘৰ বুলি আঁকোৱালি ল'ব ।

            
✍🏻হেমেন হাজৰিকা
       মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)