অদৃশ্য-বাণীকান্ত লহকৰ

নেদেখিলে
ভিতৰৰ জুইকুৰা,
ভস্মীভূত চাই
অনুমান কৰিব নোৱাৰি
ইয়াতো ধুমুহা।

সকলোৰে অন্তৰ জ্বলে
ছাই পৰি ৰয়
ওপৰত প্ৰখৰ ৰ'দ
একোটা মেলান ছাতি ।

ধোঁৱাই থকাতকৈ 
দপ্ দপাই জ্বলা ভাল 
অন্তঃত
ক্ষণিকতে পুৰি শেষ হয় !

এজাক ডবাল পিটা বৰষুণে
কলিজা শাত পেলায় ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send