ড'ৰেমন: বৰ্তমান সময়ৰ জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ- কুঁহিস্মিতা বৰা

Rinku Rajowar
0
শিশুসকলৰ মনোৰঞ্জনৰ বাবে কাৰ্টুনৰ সৃষ্টি হৈছিল। শিশুসকলেও কাৰ্টুনক আদৰি লৈছিল। কাৰ্টুনৰ যোগেদি শিশুক কেৱল মনোৰঞ্জনেই নহয় নীতিশিক্ষা আৰু মানৱীয়তাৰ জ্ঞানো প্ৰদান কৰা হয়।

     বৰ্তমান বহুলভাৱে সম্প্ৰচাৰিত এটি জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ হ'ল ড'ৰেমন। ড'ৰেমন হ'ল এটা যন্ত্ৰমানৱ(ৰব'ট)। তাৰ গাৰ ৰং নীলা। ড'ৰেমন দেখাত শকত, চাপৰ আৰু বৰ মৰমলগা। ড'ৰেমনৰ পেটত এটা পকেট আছে য'ত সি নিজৰ অত্যাধুনিক গেজেটবোৰ ভৰাই থয়।

    বিজ্ঞান আৰু প্ৰযুক্তিয়েই হ'ল ড'ৰেমনৰ জন্মদাতা। সি থাকে নবিতা নামৰ এটা সৰু ল'ৰাৰ ঘৰত। নবিতা বৰ এলেহুৱা; সি নিজৰ কামবোৰ ভালদৰে নকৰে। সেয়ে নবিতাৰ নাতি ল'ৰাটোৱে এদিন ড'ৰেমনক দ্বাৱিংশ শতিকাৰ পৰা অৰ্থাৎ ভবিষ্যতৰপৰা সময় যন্ত্ৰৰ দ্বাৰা নবিতাৰ ওচৰলৈ পঠিয়াই দিয়ে। যাতে নবিতাই সহায় পায়। ড'ৰেমন নবিতাৰ ঘৰৰ সদস্যৰ দৰে। নবিতাই ড'ৰেমনক নিজৰ ভাইটি হিচাপে গণ্য কৰে। ড'ৰেমনৰ এজনী ভনীয়েক আছে; যাৰ নাম ড'ৰেমী। ড'ৰেমীৰ গাৰ ৰং হালধীয়া। তায়ো যন্ত্ৰমানৱী আৰু ড'ৰেমনৰ দৰে তাইৰো গেজেটেৰে ভৰা এটা পকেট আছে। একমাত্ৰ ভনীয়েক বাবে ড'ৰেমীক ড'ৰেমনে খুব মৰম কৰে।

           নবিতা, ড'ৰেমন আৰু ড'ৰেমীৰ বাহিৰেও কাৰ্টুনখনত আৰু কেইটিমান চৰিত্ৰ আছে--- নবিতাৰ বন্ধু-বান্ধৱী জিয়ান, সুনিঅ', চিজুকা, টেকিচুকি, নবিতাৰ মাক টমাক' নবি আৰু দেউতাক নবিচুকে নবি।

          নবিতাৰ অতিপাত দুষ্ট বন্ধু জিয়ান আৰু সুনিঅ'ই নবিতাক প্ৰায়েই কন্দুৱাই ৰং চায়। সিহঁতে নিজৰ বেগবোৰ নবিতাক কঢ়িয়াবলৈ দিয়ে নাইবা নবিতাক অকলে ক্লাছৰুম চাফা কৰাৰ দ্বায়িত্ব দিয়ে। আনকি জিয়ানে নবিতাক সামান্য কথাতে মাৰ-ধৰো কৰে। নবিতাই স্কুলৰ পৰা আহি সদায় কান্দি কান্দি ড'ৰেমনক জিয়ান-সুনিঅ'ৰ এনে কামৰ কথা কৈ অভিযোগ কৰে। এই কথা শুনি ড'ৰেমন খঙত অগ্নিশৰ্মা হৈ পৰে আৰু জিয়ান-সুনিঅ'ক এশিকনি দিবলৈ নানা গেজেট উলিয়ায়। নবিতাৰ বান্ধৱী চিজুকা বৰ শান্ত আৰু মৰমিয়াল প্ৰকৃতিৰ ছোৱালী। জিয়ান-সুনিঅ'ই নবিতাক আমনি কৰিলে তাই সিহঁতক গালি পাৰে আৰু নবিতাক আমনি নকৰিবলৈ বুজনি দিয়ে। ইয়াৰ বাহিৰেও নবিতাৰ আৰু এজন বন্ধু আছে যাৰ নাম টেকিচুকি। টেকিচুকি এজন ভাল ছাত্ৰ। সি সদায়েই শ্ৰেণীত ভাল ফলাফল দেখুৱায় বাবে সকলোৱে তাক প্ৰশংসা কৰে। এই কথাত নবিতাৰ কিছু হিংসা হয়।

           নবিতাৰ বন্ধু-বান্ধৱীকেইজন বৰ ভাল। জিয়ান-সুনিঅ'ই নবিতাক আমনি কৰিলেও সিহঁতে নবিতাক ভালো পায়।

              নবিতাৰ বন্ধুবৰ্গ ড'ৰেমনৰো বন্ধু। ড'ৰেমনে সিহঁতকো সহায় কৰে। কেতিয়াবা ড'ৰেমনে নবিতা আৰু বাকী বন্ধুবোৰক সময় যন্ত্ৰ ত উঠাই ভৱিষ্যত বা অতীতলৈ ফুৰাবলৈ লৈ যায়। উল্লেখযোগ্য যে এই কাহিনীটোৰ পটভূমি জাপান। 

          "ড'ৰেমন" কাৰ্টুন অনুষ্ঠানটোত ড'ৰেমনে কৰা ৰোমাঞ্চকৰ অভিযাপসমূহ দেখুওৱা হয়। প্ৰতি খণ্ডতে একো একোটি নীতিশিক্ষা সন্নিৱিষ্ট কৰা হয়। লগতে প্ৰকৃতি সংৰক্ষণ, পৰিৱেশ প্ৰদূষণ আৰু মানৱীয়তা আদি গুৰুত্বপূৰ্ণ বিষয়ো এই অনুষ্ঠানটিত প্ৰদৰ্শন কৰা হয়।

           "ড'ৰেমন"ত নানা বিষয়ৰ ওপৰত কাহিনী ৰচনা কৰি সম্প্ৰচাৰ কৰা হয়। কিন্তু ইয়াৰ মূল উপজীব্য হ'ল যন্ত্ৰমানৱ আৰু মানুহৰ মাজৰ আত্মিক সম্পৰ্ক। কাহিনীটোত ড'ৰেমন আৰু নবিতাক ক্ৰমে যন্ত্ৰমানৱ আৰু মানৱজাতিৰ প্ৰতিনিধি হিচাপে উপস্থাপন কৰা হৈছে। নবিতা আৰু ড'ৰেমন দুয়োৱেই ইজনৰ পৰা সিজন পৃথক। কিন্তু বন্ধুত্বৰ এনাজৰীয়ে দুয়োকে ওচৰ চপাই আনিছে। যাৰ বাবে নবিতাই পাহৰি যাবলৈ লৈছে যে ড'ৰেমন তেজ-মঙহেৰে গঠিত নহয়, সি মাথোন এটি যন্ত্ৰহে। দুয়োৰে মাজৰ অকৃত্ৰিম বন্ধুত্বই কাহিনীটোৰ উপজীব্য।

       বৰ্তমান ড'ৰেমনৰ কিছুমান নতুন অভিযান "New Doremon" নামেৰে সম্প্ৰচাৰ কৰা হৈছে। যাৰ বাবে ইয়াৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে।

          ✍️ কুঁহিস্মিতা বৰা, বোকাখাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)