চকুত চকু থৈ সকলো বুজি যায়,
মৌন ওঁঠত লুকাই থকা অনুভুতিও যে
আপোনাৰ পৰা সাৰি নাযায়,
আনকি সমস্ত পৃথিৱী জিকিও
মোৰ হৃদয় যে আপোনাৰ কাষত আহি হাৰি যায়,
এইয়াই নহয় জানোঁ ভালপোৱা!
যি আপোনাৰ বাবে মোৰ বুকুত আছে
গুপুতে কিম্বা সংগোপনে,
আদিৰ পৰা অনাদিলে।।
✍️চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।।