সাধাৰণ জ্ঞান

Rinku Rajowar
0
1. অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ আৰ. জি. বৰুৱা।

2.‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।

3. বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৬ টা।

4. অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ?

উত্তৰঃ জীয়া ভৰলীত।

5. প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?

উত্তৰঃ বাবুল বাৰ্মিজ।

6. গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?

উত্তৰঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

7. ‘লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল’ প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৫২ চনত।

8. কোন তাৰিখত ‘অসমত  ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?

উত্তৰঃ ১৭ অক্টোবৰ ।

9. ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৯৬২ চনত।

10. অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত।

11. ‘বৰদলৈ ট্ৰফী’ প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?

উত্তৰঃ ১৯৯৩ চনত।

12. কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক  ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত  হৈছিল ?

উত্তৰঃ ১৯৮৩ চনত।

13. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্রথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ অনুপ ঘটক।

14. উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?

উত্তৰঃ উইলিয়াম মেগৰ দ্বাৰা।

15. ভাৰতীয় ফুটবল সংস্থা’ৰ   সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?

উত্তৰঃ নুৰুল আমিন।

16. এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ?

উত্তৰঃ সুৰেণৰাম ফুকন।

17. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ  খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ তোষেশ্বৰ দত্ত ।

18. অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?

উত্তৰঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

19. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম  খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)