অৱশ্যে, তুমি মনে মনে আহি বহি লোৱাহি মোৰ কাষত মৌনতা লৈ! সেইদিনাও একেদৰে হৈছিল, বাহিৰত বৰষুণ দি আছিল। মই খিৰিকীৰ কাষত বহি গোটেই ৰাতিটো বৰষুণৰ টোপালবোৰ চাই আছিলোঁ। তুমি সেইদিনা আহিও মোৰ কাষত বহি ল'লাহি। মই নিজৰ মাজত ইমানেই নিমজ্জিত হৈ আছিলোঁ যে তোমাৰ অহাৰ অনুভৱ কৰিব নহ'ল।
ধ্যান ভাগিল যেতিয়া তুমি লাহে লাহে ক'লা- "ব'লা বাহিৰত একেলগে বৰষুণত তিতোঁ,অলপ দূৰলৈকে একেলগে যাওঁ। যাবানে?" মই তোমাক নাযাওঁ বুলি নকওঁ সেয়া তুমিও জানা। এই বৰষুণ বতৰে যে বেমাৰ কৰি যাব মোক। আমি লগত আছিলোঁ, কিন্তু মৌন আছিলোঁ। কিমান যে কৈ গৈয়ে আছিলোঁ এজনে আনজনৰ চকুত মনৰ কথাবোৰ। এক যুগলক মই সেইদিনা সুধিব বিচাৰিছিলোঁ এই মৌনতাৰ শব্দ কেনেকৈ অনুশীলন কৰে, শিকাই দিয়াচোন মোক। কিন্তু মই তেওঁক সুধিবলৈ লোৱাৰ আগতে মনে মনে থাকিল।
মই বিচাৰিছিলোঁ যে এই ৰাস্তা, এই যাত্ৰা আৰু এই বৰষুণজাক কেতিয়াও শেষ হৈ নাযায়। কিয়নো লগত অতিবাহিত কৰা এই সময়খিনি সকলোতকৈ ধুনীয়া অনুভূতি হয় আৰু লগত গৈ থাকোঁতে তোমাৰ হাত মোৰ হাতৰ সৈতে স্পৰ্শ, এয়া এক মোৰ জীৱনৰ অমূল্য পুঁজিৰ দৰে। কিন্তু ৰাস্তাই ক'ত শুনে মোৰ কথা। তেতিয়া তেওঁ উভতি আহিল,তুমি উভতিবলগীয়া ঠাইৰ পৰা। আকৌ অনুভৱ হ'ল এই সকলো সুখ কত সাঁচি থম মই? আজিও আগৰ দৰে বৰষুণজাক দিছে আৰু ৰাতি চোতালত মোৰ দৃষ্টি পৰিছে। ভিতৰি ভিতৰি মোৰ মনটোও তিতি আছে। তোমাৰ স্মৃতিত এই দৰে অপেক্ষাৰত মই। আকৌ আহি তুমি মোৰ হাতত ধৰি ক'বাহি... "ব'লা একেলগে বৰষুণজাকত তিতিম।"
✍সান্নিধ্য শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ