ভূপেন হাজৰিকা - লক্ষী প্ৰসাদ ৰেগন

তুমিয়েতো আছিলা বিস্তৃৰ্ণ পাৰৰ অসংখ্যজনৰ
হিয়াৰ আমঠু।
প্ৰতিজন অসমীয়াৰে বুকু আজি
উদাস উদাস
তোমাৰ অবৰ্তমানত

মানৱে যেতিয়া দানৱ হোৱা দেখিলা
দানৱ কেতিয়া মানৱ হ'ব
এই আশা কত দিন বুকুত লৈ ফুৰিলা আলেঙে আলেঙে

মানুহ যদিহে নহয় মানুহ
বুকুৰ কুটুম হ'লেও যে আশাবোৰ জঁই পৰি যায়
এই কথাকে অসমীয়াক দিলা সোঁৱৰাই
ক'লা মানুহৰ বগা তেজ
বগা মানুহৰ ক'লা তেজ বিচাৰি। প্ৰতিদানত যে কি কি
হেৰুৱালা

তোমাৰ এই ৰূপহী অসম
এই যে পূবত সূৰ্য উঠা দেশ। গাৰো ডফলা মিৰি মিজো
আৰু পাহাৰ ভৈয়াম
বৰাক-ব্ৰহ্মপুত্ৰলৈ এবাৰো নপৰেনে মনত?

আমি অসমীয়াই নিজকে নিচিনিলে
কি কি যে নহ'ব
এই কথাকে তাহানিতে দিলা সকীয়াই। অসম মৰিলে যে
আমিও মৰিম
এয়াই আজি নিশ্চিত


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send