সুৰুযৰ হালধীয়া খিনি সামৰি
তাইও বাট বুলিছে ,
আন্ধাৰে যেন লাহে লাহে তাইক খামুচি ধৰিছে..
তাই আকৌ কৈছে...
মই উৰিব খোজো !
ৰঙীন সপোনবোৰ যেন তাই মোহাৰিছে..
তাই শেঁতা ওঁঠদুটি কামুৰিছে ,
লাহে লাহে বুকুত এটা বিষ ,
তাইৰ খোজ আকৌ লেহেম হৈ পৰিছে
দুৱাৰখন বন্ধ ,
হয়তো আজি আকৌ চলিব যুদ্ধ ।