বিষন্ন বাস্তৱ- পৰিতৃষ্ণা হাজৰিকা

©Admin
0
শব্দৰ কোলাহলত স্থবিৰ কিয় 
আজিৰ পৃথিৱীখন ,
মৌনতাই আৱৰি ধৰিছে নেকি ?
আঁতৰাই দিয়া সকলোবোৰ
জীয়াই থাকিবলৈ শিকা ,
জীৱন যুদ্ধত যুঁজি যুঁজি 
তুমি ভাগৰি নপৰিবা ।
আকৌ সুধিছো ক্লান্ত মনৰ বিষাদবোৰে
হেঁচা মাৰি ধৰিছে নেকি ?
হৃদয়ত ধুমুহাৰ সৃষ্টি নকৰিবা
ভাগি যাব তোমাৰ হৃদয়ৰ বীণখন ।
মৰুভূমিৰ তপত বালিত 
দগ্ধ হৈ যাবলৈ নিদিবা
তোমাৰ অশৰীৰ আত্মা ।
এই বিশাল পৃথিৱীখনলৈ 
এবাৰ মাত্ৰ উভতি চোৱা ,
দেখিবা তাত অনেক ৰকমৰ
বাস্তৱ , জীয়া ছবিবোৰ ।
হাঁহি হাঁহি বিলীন হৈ যোৱা 
এক বিস্মৰণীয় জীৱন যাত্ৰাত ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)