বেলিমুখী- শ্বাশ্বতী প্ৰিয়দৰ্শিনী

এই মুহূৰ্তত নিজকে
খুব সুখী যেন অনুভৱ হৈছে 

ঠিক 
আগ ৰাতিৰ 
হেঁপাহৰ বৰষুণজাকে
জুৰুলি কৰি থৈ যোৱা 
প্ৰস্ফুটিত গোলাপ পাহৰ দৰে 

মনৰ নিভৃতত
নৈ হৈ বৈ গৈছে
এজোলোকা প্ৰোজ্বল হাঁহি 

নিজানত ফুলিছে
ভালপোৱাৰ এপাহ সূৰুযমুখী ।

 

Post a Comment

Previous Post Next Post