শিপিনী-টংকেশ্বৰ পাঠৰী

©Admin
0
শাওনৰ বিজলুৱা দুখবোৰ সামৰি-সুতৰি
তাঁত এজুঁটি এতিয়া লগাইছ
মই দূৰৰ পৰাই শুনিছোঁ খিতি খিতি কৰা
তোৰ দোৰপতিৰ শুৱলা মাত

কি লগাইছ - গামোচা ?
কি লগাইছ -  আশী সূতাৰ চেলেং ?
নে বুকুৱে বৈ যোৱা তোৰ
মন উৰনীয়া ৰিহা ?
ঘনকৈ গৰকা গচকিছ

কেই মেৰ দিলি তোৰ মন ঘূৰোঁ ঘূৰোঁ টোলোঠা ?
এখোপ্ এখোপ্ জীৱন ৰঙী জখলা মাৰিয়ে
আগলৈ আগলৈ কিমান ঠেলিলি
তোৰ মেহনতি জীৱনৰ আশাৰ চালিমাৰি ?
এডালি এডালি সূতাই জীৱনৰ 
মানচিত্ৰ আঁকিলি
মৰমৰ ঠাঁসন দি সূতাবোৰ মনালি
সপোনক জিলিকাই গুটিফুল বাছিলি
চেনেহৰ দীঘ বাণি দিলি
কুৰুৱা নখিয়া পুতল ঠেলি
ওহালি পেলাবি

তই যঁতৰত ভৰি থৈ মুহুৰা ফুৰাওঁতে
তোৰ মনটোও ব’হাগৰ নাচনী এজনী হৈ ঘূৰে
তোৰ মনত বসন্তৰ পাখি গজে
গোপনে বিশ্বকৰ্মা প্ৰভূৱে তোক আৰ্শীবাদ দিয়ে
তোৰ হাতৰ বৰপেৰাৰ জপা কাপোৰে
গুণী জনৰ মান ৰাখে 

এদিন তোৰ আইক সুধি দিনবাৰ চাই
তাঁত খন তৰিলি
মনৰ জোৰত একাঢ়নি একাঢ়নি কৈ
সূতাবোৰ টানিলি
দহোটাকৈ ববীনক আসন পাতি নচালি
এবিহা দুবিহা কৈ ৰাঁচ খন লেখিলি
কিনিলি পিতলৰ ৰাঁচভৰোৱা ৷
তাৰ গুণ খিনি তোৰ জীৱনৰ বৈভৱ
ৰাঁচভৰোৱা চহা জীৱনৰ সম্পদ

চাৰিবাটি বৰ তুলি তাঁত খন শালত তুলিলি
এনাজৰীৰ মৰমত ডোঁৱাৰ-জৰী বান্ধিলি
শলি-চিৰি তেল পিছলা কৰিলি
মনৰ বেগত আজি তোৰ সপোনৰ উৰা মাকো ঘূৰে
তোৰ হাতত নাচনী জৰীৰ দেও উঠে
বুকু উঠা নাচনীবোৰ নাচে
খৰকৈ নাচে খৰকৈ নাচে
অ’ মনেতৰা ! ব’হাগলৈনো কিমান দিন আছে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)