জীৱন এক সপোন-মিৰজাফৰ আলি

     জীৱনৰ বিচিত্ৰ ৰং । সেই ৰং সুখ-দুখ  হাঁহি কান্দোনৰ জীৱন সফলতাৰ ভৰা।কৃতকাৰ্যতাৰ  কাৰণে আমি মৰণ পণলৈ কাম কৰোঁ। যেতিয়াই সফল নহও তেতিয়াই হতাশ হৈ ভাগৰি পৰো। সেই মুহূৰ্তত সফলতাৰ কথা মনলৈ নাহে। মই জীৱনত কি বিচাৰিছো, জীৱনৰ অৰ্থ কি তাৰ কিয়তো যদিহে আমি বিচাৰি পাওঁ তেন্তে কোনো হতাশা বা বিফলতাই বাধা দিব নোৱাৰে।
                      জীৱন এখন নদী। কেতিয়াবা বহল, কেতিয়াবা গভীৰ, কেতিয়াবা সুৰ অথচ কেতিয়াবা কোমল আজান ইয়াৰ চৰিত্ৰ আৰু নদীৰ দৰে জীৱনত নিজে নিজৰ বাট উলিয়াই গৈ থাকিব লাগিব  ঠিক তেনেদৰে মানুহৰ জীৱনটো সন্তুষ্টিৰ বাবে আমি বিভিন্ন কষ্ট কৰিব লাগে যেনে, পঢ়া-শুনা, খেল-ধেমালি আৰু কাম কাজ আদি।জীৱনটো সম্পূৰ্ণ নিজৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ শীল।আমি জীৱনত ভাল কাম কৰিলে ভাল ফল উপভোগ কৰিব পাৰিম আৰু বেয়া কাম কৰিলে বেয়া ফল সদায় উপভোগ কৰি থাকিব লাগিব। জীৱনত বিভিন্ন সমস্যা আহে,যেনে সামাজিক, ৰাজনৈতিক, আৰু অৰ্থনৈতিক সমস্যা ইত্যাদি এই সমস্যাবোৰ অতিক্ৰম কৰিব পাৰিলেহে প্ৰকৃত জীৱন বুলি ক'ব পাৰি।
              আৰু যিকি নহওক  জীৱনটো কিন্তু ধুনীয়া। জীৱনে মানুহক নিজৰ ভুল শুধৰাবলৈ দ্বিতীয় সুযোগ দিয়ে আৰু মানুহে যিমানে পাৰে জীৱনৰ প্ৰতিটো মুহূৰ্ত্তৰ আনন্দ ল’বলৈ চেষ্টা কৰিব লাগে। মই মোৰ জীৱনৰ পৰা বহুত আশা কৰোঁ। সফল হ’ব পাৰোনে নাই নাজানো কিন্তু মই চেষ্টা কৰি গৈ থাকিম। মই এজন ল’ৰা হিচাপে প্ৰথমে এজন সফল মানুহ হ’ব বিচাৰো। জীয়াই থকা দিনকেইটা হাঁহি ধেমালিৰে পাৰ কৰিব বিচাৰো। আৰু মই মোৰ মৃত্যুৰ আগমুহূৰ্তলৈকে হাঁহি থাকিব বিচাৰো। জীৱনটোত যিমান পাৰো মাক-দেউতাকৰ মুখত হাঁহি বিৰিঙাব বিচাৰো জীৱনত কিবা ভাল কাম কৰিবলৈ ল’লে বাটত বিভিন্ন অসুবিধাই দেখা দিব। মই বিচাৰো অসুবিধা বোৰৰ পৰা জীৱনটো আগুৱাই যাব পাৰো। মই এজন ল’ৰা হোৱাৰ  উপৰিও মই যাতে সমাজৰ ভাল কাম কৰিব পাৰো আমাৰ পিছপৰা গাঁও খন যাতে আগবঢ়াই লৈ যাব পাৰো।যাতে মোক চায় গাঁৱৰ আন ল’ৰা-ছোৱালী বোৰে  আগ্ৰহী হৈ ওলাই আহে ।
         পূৰ্বৰ ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালাম ছাৰে কৈছিল যে ”যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেয়াহে সপোন"।
জীৱনত যদি কিবা সপোন নাথাকে সেয়া প্ৰকৃততে  জীৱন নহয়। সপোন দেখাটোয়েই প্ৰকৃত জীৱন।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send