এয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহ-কল্পনা বৰা

©Admin
0
এয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহ?
যাৰ মাজত আছে সমস্ত মলিনতা.....?
হিংসা-দ্বেষ, ঠগ-প্ৰৱঞ্চক, ঘৃণা-স্বাৰ্থ......
নাই কাৰোৰে মাজত নিঃস্বাৰ্থ দয়া আৰু মৰম।
সকলোৰে অন্তৰত মাথোঁ এটাই মই সৰ্বজ্ঞ...।
কোনোৱে নুবুজে আনৰ মৰম।
সকলোতে আছে মাথোঁ....
হিংসা-খেয়াল, ঘৃণা-ঘৃণি ....
আৰু যে কত কি.....!!!!

সকলোতে আছে মাথোঁ কটা-মৰা, 
দুখীয়াৰ প্ৰতি নিন্দনীয় বাক্য......…।
সকলোতে দেখে মাত্ৰ দোষ..,
নিজৰ যে সকলো শুদ্ধ....।
নুবুজে কোনোৱে কাৰোৰে মৰম...,
ইফালে মানুহ সকলো জীৱতকৈ শ্ৰেষ্ঠ........।


নিৰ্দয়ী মানুহবোৰে নিঃস্বাৰ্থ পশু-পক্ষীকো কাটি মাৰি শেষ কৰিছে......।
নাই, কাৰোৰে মাজত দয়া নাই।

প্ৰকৃতিৰ কি যে বিনন্দীয়া ৰূপ!
কিন্তু,এই সকলোবোৰই ধ্বংস ।
তাৰ ঠাইত আছে কত মহলীয়া হোটেল, ৰেষ্টোৰা আৰু অট্টালিকা........।
কোনোৱে লʼব পৰা নাই...
শান্তিৰে এটি উশাহ......।
সকলোৱে মাথোঁ দৌৰি ফুৰিছে....।
দৌৰিছে...., মাথোঁ দৌৰিছে..।

চাৰিওফালে ধুঁৱলী-কুঁৱলী ....,
অশান্ত সাগৰ............।
শান্ত বতাহজাকো যেন আজি উত্ৰাৱল হৈ পৰিছে......... ।বিশাল আকাশখনলৈ এবাৰ মূৰ তুলি চাবলৈ.........,
আকাশত উৰি ফুৰা ফূৰ্তিবাজ পক্ষীবোৰলৈ চাবলৈ....,
নাই, কাৰোৰে সময় নাই.....।

হায়,হায়! কি হʼল পৃথিৱীখন?এলেহুৱা স্বাৰ্থপৰ মানুহবোৰে ধ্বংস কৰিছে ধৰণী.....।
সকলোৱে মাথোঁ দৌৰিছে চাকৰিৰ পিছত.....।
বিলাসী গাড়ীত উঠি উপভোগ কৰিছে নিজক........।
দুখ চাই দুখীয়াৰ আনন্দ পায়,
নাহে,নাহে কেতিয়াও অন্তৰৰ বুজ ল'বলৈ......।
কৃত্ৰিম আনন্দত উটি-ভাঁহি হাহাকাৰ কৰি ফুৰিছে.....।
জীৱনৰ প্ৰকৃত আনন্দ বিচাৰিয়েইতো পোৱা নাই.....।
সস্তীয়া আনন্দত মাথোঁ এৰি দিছে........,
এৰি দিছে জীৱনটো......।

জাতি বৰ্ণ বিভেদ চিনি আগবাঢ়িছে.....।
নিৰ্দয়ী মানুহবোৰে কাটি মাৰি শেষ কৰিছে......।
সকলোৰে মনত মাথোঁ এটাই 'সকলো পৰ'.....।
কোনোৱে বুজা নাই --আমি যে সকলো একে সহোদৰ ভাই..।

দিনে নিশাই চলিছে ধৰ্ষণ অপহৰণ...।
হত্যা কৰিছে বনৰ পশু.....।
পশু খাই জিভাৰ তৃপ্তিত মগ্ন হৈছে........।

হায়!বেচেৰা জীৱবোৰ যে অকালে মৰিছে.......।
নাই,নিৰ্দয়ী মানুহবোৰৰ একো নাই বিচাৰ-বিবেক.........।

কোনোৱে ৰং পোৱা নাই.....
সেউজীয়া পথাৰখনলৈ চাই,
আকাশত উৰি ফুৰা ফূৰ্তিবাজ পক্ষীবোৰলৈ....,
আৰু নানাৰঙী ফুলবোৰ চাই।
পাই মাথোঁ আনন্দ তাত...
যʼত আছে দয়া-মায়াহীন নিষ্ঠুৰ কাৰ্য.....।
সʼচাই, এয়াইটো জীৱশ্ৰেষ্ঠ মানুহৰ মহত্ব...!!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)