কবি নাছিলোঁ মই-সুশান্ত দাস

কবি নাছিলোঁ মই
কবিতাক নাপাইছিলোঁ ভাল,
কবি হ’লো মই 
কবিতাই মাৰিলে প্ৰেমৰ বাণ।।

কবিৰ দৰে নাছিল অনুভৱী মন
নাছিল কোনো অভিজ্ঞতা,
কবিতাই শিকালে হোৱা সাহসী
লিখা কবিতা এৰি অজ্ঞতা।।

নিজৰ মনৰ অষ্ফুত ধাৰণাবোৰ 
কাপেৰে কাকতত তুলি,
লিখা ইতিহাস ৰঞ্জিত কথাবোৰ
কল্পনাৰ জগতত নামি।।

কবি হ'লো সৰল মনৰ
প্ৰাণ মোৰ অসম,
কবিতাৰ প্ৰেমত বিভোৰ হৈ
ৰচিলো কবিতা অগণন।।


  ✍️ সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

Previous Post Next Post