ইনভিক্টাচ-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( এজন বিখ্যাত ৰাষ্ট্ৰ নিৰ্মাতাৰ এক উদ্বুদ্ধ কাহিনী )

 মনৰ দুৰ্বাৰ ইচ্ছাক দমন কৰিব নোৱাৰি কালি নিশা দুপৰলৈ ২০০৯ চনতে আমেৰিকাৰ একাডেমী পুৰস্কাৰেৰে পুৰস্কৃত হলিউডৰ প্ৰথিতযশা শ্বেতাংগ বোলছবি নিৰ্দেশক ক্লিন্ট ইষ্টউদৰ 'ইনভিক্টাচ' ছবিখন এমাহৰ মাজতে দ্বিতীয়বাৰৰ বাবে পুনৰ উপভোগ কৰিলো। সুদক্ষ কৃষ্ণাংগ অভিনেতা মৰ্গান ফ্ৰীমেনে  দক্ষিণ আফ্ৰিকাৰ বৰেণ্য ৰাষ্ট্ৰপতি  নেলছন মেণ্ডেলাৰ মুখ্য ভূমিকাত বলিষ্ঠ অভিনয় কৰা আৰু ১৯৯৫ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ পটভূমিত নিৰ্মিত এই ইংৰাজী কথাছবিখনে মোৰ হৃদয়ত সুগভীৰ আস্থাৰ ৰেখাপাত কৰি গৈছে । এই ছবিখনৰ জৰিয়তে বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ অতিথি দেশ দক্ষিণ আফ্ৰিকাই অংশগ্ৰহণ কৰাৰ লগতে জয়লাভ কৰাৰ আঁৰত প্ৰকৃততে কৃষ্ণাংগ জননেতা তথা ৰাষ্ট্ৰপতি মেণ্ডেলাৰ লুকাই থকা এক মহান উদ্দেশ্যক উপস্থাপন কৰা হৈছে । ছবিখনৰ জৰিয়তে প্ৰচাৰিত হোৱা মাডিবা অৰ্থাত নেলছন মেণ্ডেলাৰ আচৰিত  চিন্তাধাৰা আৰু অনন্য দৰ্শনে সমাজৰ সকলো শ্ৰেণীৰ লোককেই উদ্বুদ্ধ কৰিব বুলিও মোৰ দৃঢ় বিশ্বাস আছে  । গতিকে আহকছোন আমি সকলোৱেই প্ৰখ্যাত ৰাষ্ট্ৰ নিৰ্মাতা তথা মহান জননায়ক নেলছন মেণ্ডেলাৰ ওপৰোক্ত ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ আৰঁত লুকাই থকা অব্যক্ত অভিলাষৰ সম্ভেদ লওঁ।
 
সুদীৰ্ঘ চাব্বিশ বচৰ কাল আফ্ৰিকাৰ ৰবেন দ্বীপৰ অন্ধকাৰ পোতাশালত বন্দী হৈ থকা দক্ষিণ আফ্ৰিকাৰ বৰ্ন বৈষম্য বিপ্লৱৰ ধ্বজ্বাবাহক ১৯৯০ চনৰ ১১ ফ্ৰেব্ৰুৱাৰীৰ দিনাখন মুক্তি দিয়া হৈছিল। মুক্তিৰ চাৰি বচৰৰ পাছত ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ জনসাধাৰণে জননায়ক নেলছন মেণ্ডেলাক দেশখনৰ সৰ্বোচ্চ সন্মানিত  ৰাষ্ট্ৰপতিৰ পদত নিৰ্বাচিত কৰিছিল । বৰ্ণ বিভেদৰ দ্বাৰা বিভাজিত দেশখনৰ শ্বেতাংগ আৰু কৃষ্ণাংগ নাগৰিক সকলক একতাৰ এনাজৰীৰে বান্ধি পুনৰ দেশখনক স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ মাডিবা বহুতো প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল  । মাণ্ডেলাই জনতাৰ বিপুল ভোটলাভৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ পদক সাব্যস্ত কৰাৰ লগে লগে  সোতৰ শতিকাতে ইউৰোপৰ পৰা আহি দক্ষিণ আফ্ৰিকালৈ আহি নিগাজী বাসিন্দা হৈ পৰা শ্বেতাংগ আফ্ৰিকান সকল ভিতিবিহ্বল হৈ পৰিছিল। দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক জগতত এইজন কৃষ্ণাংগ জননেতাৰ উত্থান হোৱাৰ  বাবে দেশখনৰ শ্বেতাংগ লোক সকলে  যোৱা দুশ বছৰ ধৰি স্থানীয় কৃষ্ণাংগ আফ্ৰিকান সকলক কৰি অহা দুৰ্ব্যৱহাৰ আৰু অমানুষিক অত্যাচাৰৰ কথা সুঁৱৰি ভৱিষ্যতৰ অনিশ্চয়তাৰ সংকটত ভূগিছিল । তেওঁলোক দক্ষিণ আফ্ৰিকাৰ ভুমি হেৰুৱাই পুনৰ ইউৰোপলৈ পলায়ন কৰিব লাগিব বুলি এক প্ৰকাৰে খাটাং হৈ পৰিছিল।  ইফালে অতদিন ধৰি ইউৰোপৰ উপনিবেশবাদৰ কবলত নিজৰ দেশতেই ক্রীটদাস হৈ পৰা কৃষ্ণাংগ আফ্ৰিকান সকল মাণ্ডেলা ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ আনন্দত উত্ৰাৱল হৈ পৰিছিল।তেওঁলোকে ইমান দিনে শ্বেতাংগ লোক সকলৰ দখলত থকা নিজৰ দেশখনত সম্পূৰ্ণ ভাৱে নিজৰ আধিপত্য সাব্যস্ত কৰাৰ বাবে উঠি পৰি লাগিছিল । 
 দেশখনৰ এই জটিল প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হৈ নৱ ৰ্নিৰ্বাচিত ৰাষ্ট্ৰপতি তথা বিচক্ষণ জননায়ক মাণ্ডেলাই দুয়োপক্ষৰে মাজত চলি থকা প্ৰকৃত ভাবাবেগৰ সম্ভেদ পাই তাৰ সমাধান সূত্ৰও বিচাৰি উলিয়াইছিল । গান্ধীজীৰ অহিংসাৰ আদৰ্শৰে উদ্বুদ্ধ মাণ্ডেলাই বৰ্ন বৈষম্য নামৰ সামাজিক ব্যাধি ৰূপী এক চিন্তাধাৰাৰ বিৰু্দ্ধে বিপ্লৱৰ সূচনা কৰিছিল। তেওঁৰ এই বিপ্লৱ কোনো  শ্বেতাংগ আফ্ৰিকানৰ বিৰু্দ্ধে নাছিল।  সেইবাবে তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই কৃষ্ণাংগ আৰু শ্বেতাংগ আফ্ৰিকান সকলৰ পৰিবৰ্তিত চিন্তাধাৰাক লৈ  যথেষ্ট সতৰ্ক হৈ পৰিছিল। দক্ষিণ আফ্ৰিকাৰ বিকাশ আৰু প্ৰগতিৰ বাবে দেশখনৰ সকলো শ্ৰেণী আৰু বৃত্তিৰ লোকৰে সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা অনুধাৱন কৰি মাডিবাই দুয়োপক্ষকে ভেদাভেদ পাহৰি সমানে কাম কৰি যাবলৈ উদ্বুদ্ধ কৰিছিল। 
     বাস্তৱিকতে যদিও ইমান সহজ কথা নাছিল তথাপিও  মাডিবাই দুয়ো পক্ষকে উদ্বুদ্ধ কৰিবলৈ কোনো সুযোগ হেৰুৱাব নিবিচাৰিছিল।  কৃষ্ণাংগ আৰু শ্বেতাংগ আফ্ৰিকান দুয়োপক্ষই  পৃথকে পৃথকে ঠিয় কৰোৱা প্ৰত্যাহ্বানবোৰ মাডিবাই ওলোটাই তেওঁলোকক উদ্বুদ্ধ কৰাৰ আহিলা হিচাপ ব্যৱহাৰ কৰিছিল।
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ প্ৰথম দিনাখনেই কাৰ্য্যালয়লৈ আহি মাডিবা এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। কাৰ্যালয়টোত বিগত বহু বছৰ ধৰি কৰ্মৰত হৈ থকা শ্বেতাংগ আফ্ৰিকান সকলে এজন বিপ্লৱী কৃষ্ণাংগ  ৰাষ্ট্ৰপতি হোৱাৰ বাবে  তেওঁলোকৰ চাউল কথা উকলিল বুলি লাম-লাকুট বান্ধি কাৰ্যালয় খালি কৰিবলৈ খৰখেদা কৰিব ধৰিছিল ।  মাডিবাই কথাটোৰ উমান পাই ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সমূহ শ্বেতাংগ আৰু কৃষ্ণাংগ কৰ্মীবৃন্দক গোট খুৱাই জনাই দিলে যে তেওঁৰ বিপ্লৱ একমাত্ৰ বৰ্ণ বৈষম্য চিন্তাধাৰাৰ বাবেহে আছিল কোনো বৰ্ণ গোষ্ঠীৰ বাবে নাছিল।  স্বাধীন গনতান্ত্ৰিক দক্ষিণ আফ্ৰিকাৰ বিকাশ আৰু প্ৰগতিৰ বাবে দেশখনত বসবাস কৰা সকলো ধৰ্ম আৰু বৰ্ণৰ লোকৰ সমানে অধিকাৰ আৰু সামাজিক দায়বদ্ধতা আছে।  গতিকে কোনো লোকেই ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয় এৰি যোৱাৰ দৰকাৰ নাই । মাডিবাৰ পৰা এই আশ্বাস পাই শ্বেতাংগ সকল সন্তোষিত হৈছিল যদিও কৃষ্ণাংগ সকল ভিতৰি ক্ষুন্ন  হৈ পৰিছিল।  সময়ত কৃষ্ণাংগ সকলৰ মনোভাৱো সলনি হ'ব  বুলি  মাডিবাৰ মনত দৃঢ় বিশ্বাস আছিল।
বৰ্ণ বৈষম্য বিপ্লৱৰ আনুষ্ঠানিক অন্ত পেলাই ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত নিজেই সূচনা কৰা সেই বিপ্লবৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ বাবে উদ্ভৱ হোৱা সংঘাত সমূহ মাডিবাই পোন প্ৰথমতে  নিজৰ কাৰ্য্যালয়ৰ পৰাই মষিমূৰ কৰিব আৰম্ভ কৰিছিল ।  এদিনাখন ৰাষ্ট্ৰপতি ভৱনৰ প্ৰধান নিৰাপত্তাৰক্ষী বিষয়া কৃষ্ণাংগ আফ্ৰিকান জেচন  চাবালালাই মেণ্ডেলাক সাক্ষাত কৰি জনালে যে  দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে মাডিবাৰ সুৰক্ষাকলৈ তেওঁ বহুতেই চিন্তিত হৈ পৰিছে। তাতে আকৌ মাডিবাৰ সুৰক্ষা বেষ্টনীত মাত্র চাৰিজন কৃষ্ণাংগ আফ্ৰিকানহে আছে । মাডিবাই চাবালালাৰ মনৰ ভিতৰত ঘটি থকা ভাবধাৰাৰ সোত পৰিবৰ্তন কৰিবলৈ ভূতপূৰ্ব চাৰিজন বিশেষ শ্বেতাংগ নিৰপত্তা বিশেষজ্ঞক তেওঁৰ সুৰক্ষা আবেষ্টনীৰ নিৰাপত্তাৰক্ষী পদৰ বাবে আমন্ত্ৰণ জনাব দিলে।  মাডিবাৰ সেই পৰামৰ্শত চাবালালা হতচকিত হৈ পৰিছিল যদিও উপায়ন্তৰ হৈ সেই চাৰিজন শ্বেতাংগ আফ্ৰিকানক মাডিবাৰ নিৰাপত্তাৰক্ষী হিচাপে আমন্ত্ৰণ কৰি আনিবলৈ বাধ্য হৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ আমন্ত্ৰণ পাই চাৰিওজন ভূতপূৰ্ব শ্বেতাংগ আফ্ৰিকানো মাডিবাৰ আদৰ্শ মুলক সিদ্ধান্তত গদগদ হৈ পৰিছিল।
যেতিয়া এজনলোক সত উদ্দেশ্যত ব্ৰতী হয় ভগৱানেও তেওঁক সহায় কৰে। মাডিবাৰ ক্ষেত্ৰতো তেনে এক ঘটনাই ঘটিছিল। 
১৯৯৫ চনত অনুষ্ঠিত  হ'ব লগীয়া ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখন ৰাগবি বিশ্বকাপ ফেডাৰেচনে দক্ষিণ আফ্ৰিকাতে পতাৰ সিদ্ধান্ত লৈছিল । এই ঘোষণাৰ পাছতেই ৰাগবিৰ বিশ্ব চেম্পিয়ন আন দেশ সমূহৰ সতে সমকক্ষ দক্ষিণ আফ্ৰিকাৰ দল স্প্ৰীংবক্সৰ নামে দেশখনৰ আগশাৰীৰ বাতৰিকাকতবোৰত শিৰোনাম দখল কৰিব ধৰিছিল ।  মাত্র চেষ্টাৰ নামৰ এজন  কৃষ্ণাংগ খেলুৱৈ থকা দক্ষিণ আফ্ৰিকাৰ এই ঘৰুৱা দলটো কৃষ্ণাংগ আফ্ৰিকান সকলৰ বাবে এলাগী হৈ পৰিছিল।  বৰ্ণ বৈষম্য বিপ্লৱৰ নামত উন্মত্ত হৈ পৰা দেশখনৰ গৰিষ্ঠ সংখ্যক নাগৰিকে আকৌ স্প্ৰীংবক্স দলটোৰ নাম, প্ৰতীক জাৰ্চিৰ ৰঙ সকলোতে বৰ্ণ বিভেদৰ গোন্ধ লুকাই আছে বুলি শ্বেতাংগ খেলুৱৈৰ দলটোক জাতীয় দল হিচাপে মান লবলৈও কুন্ঠাবোধ কৰিছিল। তাতোকৈ তেওঁলোকে কৃষ্ণাংগ আফ্ৰিকান খেলুৱৈ থকা প্ৰতিদ্বন্দী দেশ অষ্ট্ৰেলিয়া অথৱা নিউজিলেণ্ডকে সমৰ্থন দিব  বুলিও অভিমত প্ৰকাশ কৰিছিল। ইতিমধ্যেই অষ্ট্ৰেলিয়াৰ হাতত বহু কেইখন টুৰ্ণামেণ্টত শোচনীয় পৰাজয় হোৱাৰ বাবে স্প্ৰীংবক্স দলটোৰ  সেই সময়ৰ শ্বেতাংগ অধিনায়ক ফ্ৰাংকইচ পিনাৰ আৰু দলৰ আন সদস্য সকল বহুতেই হতাশাগ্ৰস্ত হৈ পৰিছিল ।তাতে আকৌ দক্ষিণ আফ্ৰিকাৰ ক্রীড়া আয়োগে স্প্ৰীংবক্সৰ শ্বেতাংগ প্ৰশিক্ষক জনক অপসাৰণ কৰা বাতৰি পাই  ৰাষ্ট্ৰপতি মাডিবা উৎকন্ঠিত হৈ পৰিছিল। ক্রীড়া এটা সাৰ্বজনীন ভাষা বুলি বিশ্বাস কৰা মাডিবাই  উদ্ভব হোৱা এই সংকটৰ পূৰ্ণ লাভালাভ উঠাব বিচাৰিছিল। তেওঁৰ  যেন ভগৱানে দেশখনৰ ক'লা-বগা সকলো লোককে সমন্বয়ৰ এনাজৰীৰে বান্ধিবলৈ এটা সোনালী সুযোগহে দিছিল।
ৰাষ্ট্ৰপতি মাণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ক্রীড়া আয়োগক ব্যক্তিগত ভাৱে দেখা কৰি দেশখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত ৰাগবি খেলৰ দল, প্ৰতীক, জাৰ্চি আৰু খেলুৱৈৰ তালিকা বৰ্ণ বৈষম্য বিপ্লৱৰ অজুহাত লৈ সলনি কৰিব মানা কৰিলে । অন্তিম সিদ্ধান্ত  গ্ৰহণৰ বাব গনতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত ভোট গ্ৰহণত এঘাৰটা ভোটৰ ব্যৱধানত সংখ্যা গৰিষ্ঠতা পোৱাৰ বাবে অনিচ্ছাসত্বেও ক্ৰীড়া আয়োগে মাডিবাৰ মতামতক মানি লবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে  মাডিবাই স্প্ৰীংবক্স দলৰ অধিনায়ক ফ্ৰাংকইচক ব্যক্তিগত ভাৱে  নিজৰ আবাসত  চাহ মেললৈ নিমন্ত্ৰণ কৰিছিল । সেই চামমেলতেই দক্ষিণ আফ্ৰিকাৰ সুদক্ষ ৰাষ্ট্ৰপতি মাণ্ডেলাই ১৯৯৫ চনৰ বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনত বিজয়ৰ নক্সা তৈয়াৰ কৰি পেলাইছিল।  লক্ষ্য অকল ৰাগবিত বিজয়লাভ কৰাই নহয়, তাৰ লগতে আছিল দেশখনৰ বিভাজিত ক'লা-বগা মানুহখিনিক মিলাই সমন্বয়ৰ বীজ বিলাই দিয়াৰ উদেশ্য। মাডিবাই ফ্ৰাংকইচক প্ৰখ্যাত ইংৰাজী কবি উইলিয়াম আৰ্নেষ্ট হেনলীয়ে ১৮৭৫ চনতে লিখা 'ইনভিক্টাচ' ( অপৰাজেয় ) কবিতাটোৰ উদ্ধৃতি দি কৈছিল যে  দুটা বৰ্ণৰ মাজত দ্বিখণ্ডিত হৈ পৰা দেশখনৰ মানুহখিনিক ঐক্যবদ্ধ কৰিবলৈ ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ জৰিয়তে স্প্ৰীংবক্সে এক ঐতিহাসিক ভূমিকা লব পাৰে।  গতিকে এই খেলখন স্প্ৰীংবক্সৰ প্ৰতিজন খেলুৱৈয়ে দেশৰ প্ৰতিষ্ঠাৰক্ষাৰ বাবে বিজয়ৰ লক্ষ্য ৰাখি খেলিব লাগিব। তাৰ কাৰণ সাম্ভাব্য সকলোবোৰ কৰিবলৈও তেওঁ সাজু আছে বুলি জনাই দিছিল।  তেওঁ লগতে ফ্ৰাংকইচক 'ইনভিক্টাচ'  কবিতাটোৰ জৰিয়তে বাকীসকল খেলুৱৈকো উদগনি যোগাবলৈ পৰামৰ্শ দিছিল।
মাডিবাৰ উদ্গনিমূলক কথা বতৰাত উদ্বুদ্ধ হৈ ফ্ৰাংকইচে স্প্ৰীংবক্সৰ সকলো খেলুৱৈক একত্রিত কৰি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ নক্সা তৈয়াৰ কৰাত দেহেকেহে লাগি পৰিছিল।  নৱ গঠিত গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰীয় সংগীতৰ একোটা লিপি সকলো খেলুৱৈৰ  হাতত দি খেলৰ আগত গাবলৈ নিৰ্দেশ দিছিল।  প্ৰথমে শ্বেতাংগ খেলুৱৈ সকল অমান্তি হৈছিল যদিও ৰাষ্ট্ৰপতিৰ আদেশ মানিবলৈ বাধ্য হৈছিল ।  মাডিবাৰ পৰ্য্যবেক্ষণত স্প্ৰীংবক্স দলটোৰ যুদ্ধকালীন ক্ষীপ্ৰতাৰে কঠোৰ অনুশীলন আৰু প্ৰশিক্ষণ আৰম্ভ হৈছিল। সেই সময়ত আফ্ৰিকাত ৰাগবি কেৱল শ্বেতাংগ সকলে খেলা খেল বুলি গন্য কৰা হৈছিল।   স্প্ৰীংবক্সৰ কৃষ্ণাংগ খেলুৱৈ চেষ্টাৰেহে মাত্র স্থানীয় লৰা-ছোৱালীক এই খেলৰ প্ৰতি আকৃষ্ট কৰিব চেষ্টা কৰিছিল । ৰাগবিৰ প্ৰতি আকৰ্ষণ আৰু স্প্ৰীংবক্সৰ প্ৰতি আস্থা ঘূৰাই আনিবলৈ মাডিবাই দলটোৰ সকলো খেলুৱৈক স্থানীয় লৰা-ছোৱালীক ৰাগবি খেল খেলিবলৈ শিকোৱাৰ পৰামৰ্শ দিছিল।  তাৰ ফলস্বৰূপে কৃষ্ণাংগ আফ্ৰিকান সকলৰ লগত শ্বেতাংগ আফ্ৰিকান সকলৰ মিলা প্ৰীতিৰ এক সুন্দৰ আৰম্ভণিৰ সৃষ্টি কৰিছিল।
কঠোৰ অনুশীলন আৰু প্ৰশিক্ষণত স্প্ৰীংবক্সৰ উদ্যম আৰু আত্ম বিশ্বাসৰ পুনৰাই ঘূৰি আহিছিল।  ইখনৰ পাছত সিখন যোগ্যতা নিৰ্ণায়ক খেলত একেৰাহে বিজয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে দেশখনৰ জনসাধাৰণৰ স্প্ৰীংবক্সৰ ওপৰত আস্থা ঘুৰি আহিব ধৰিছিল। সূদীৰ্ঘ দিন ধৰি যোগ্যতা নিৰ্ণায়ক খেলবোৰ খেলি ভাগৰি পৰা দলটোক  অধিনায়ক ফ্ৰাংকইচে ৰবেন দ্বীপলৈ অবসৰ বিনোদনৰ বাবে লৈ যাবলৈ বিচাৰিছিল।  মাডিবাৰ সন্মতি পাই ফ্ৰাংকইচে খেলুৱৈৰ দলটোক লগত লৈ মাডিবাই সুদীৰ্ঘ চাব্বিশ বছৰ কাল কাৰাবাস খাটা চেলুলাৰ জেলখনো পৰিদৰ্শন কৰিলে ।  যিটো কোঠাৰ লেটেৰা মজিয়াত শুই মাডিবাই জীৱনৰ চাব্বিশটা  বচৰ কাল অতিবাহিত কৰিছিল সেই মজিয়াখনতে এপলক বাগৰি 'ইনভিক্টাচ ' কবিতাটোৰ পংক্তি বোৰ আওৰাই ফ্ৰাংকইচে মাডিবাৰ আত্ম বিশ্বাস আৰু আত্ম প্ৰতিশ্ৰুতিৰ গভীৰতা অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিল।  
অবশেষত বহুতো প্ৰতীক্ষাৰ অন্ত পেলাই ১৯৯৫ চনৰ ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনৰ চূড়ান্ত খেলখনৰ দিন আহি পৰিছিল।  দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ খেলুৱৈৰ দল স্প্ৰীংবক্সক প্ৰত্যাহ্বান জনাই নিউজিলেণ্ডৰ কৃষ্ণাংগ  খেলুৱৈৰ দলটো যুদ্ধংদেহি মনোভাৱেৰে ষ্টেডিয়ামত উপস্থিত হৈছিল। কিন্ত   গিজগিজাই  থকা ষ্টেডিয়ামৰ দৰ্শকে হতচকিত কৰি স্প্ৰীংবক্সৰ সমৰ্থনত কৰা জনতাৰ শ্লোগান শুনি মাডিবাই দলটোৰ বিজয় এক প্ৰকাৰ নিশ্চিত বুলি ধৰি লৈছিল ।  
মাডিবাৰ উদ্দেশ্য সফল হৈছিল। কৃষ্ণাংগ আফ্ৰিকান সকলে নিজৰ দেশৰ ৰাগবি দলটোৰ প্ৰতি দেখুৱা আস্থা আৰু আকৰ্ষণত মাডিবা অভিভূত হৈ পৰিছিল। আৰু অৱশেষত ১৫-১২ পইন্টৰ ব্যৱধানত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডৰ দলক ধৰাশায়ী কৰি ১৯৯৫ চনৰ ৰাগবি বিশ্বকাপ চেম্পিয়নশ্বিপ খেলখনত বিজয় সাব্যস্ত কৰি ইতিহাস ৰচিছিল। 
   বিজয়ৰ কাপ হাতত তুলি লোৱাৰ সময়ত অধিনায়ক ফ্ৰাংকইচে  স্বতঃস্ফুত ভাৱে 'ইনভিক্টাচ ' কবিতাটোৰ শেষৰ পংক্তি টো আওৰাইছিল -
" it matters not how strait the gate,
How much charged with punishment the scroll, 
I am the master of my face
I am the captain of my soul.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)