কাতি মাহ মানেই আশাৰ বোল সনা সময়। এই সময়ছোৱাত পৃথিৱীয়ে সেউজীয়া শস্যৰে বুকু ওপচাই অসমীয়া জাতিৰ অন্তৰত হেঁপাহৰ ৰেঙনি বিৰিঙাই তোলে। অসমীয়া জাতিয়ে তুলসী তলৰ বন্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ-বন্তি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বাভাস জগতক জনায়। ভৰপূৰ ভঁৰালৰ আশা বুকুত বান্ধি অসমীয়াই কাতি বিহু উদযাপন কৰে।
উৎকট গৰমক আঁতৰাই শৰতৰ নিয়ৰত ভিজা বতাহজাক বৈ আহে। লগত লৈ আনে জোনাকী নিশাৰ মধুৰতা। স্বয়ং ভগৱান কৃষ্ণও শাৰদী জোনাকৰ মায়াত বিমুগ্ধ হৈছিল। শৰতকালৰ পূৰ্ণিমা নিশাতেই কৃষ্ণই গোপীসকলৰ সৈতে নৃত্য-গীত কৰি ব্ৰজধামৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছিল।
শৰতৰ ৰাতি অতি বিতোপন
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।
ৰাসলীলা বৈষ্ণৱ ধৰ্মৰ এক জীৱন্ত নাট্যপৰম্পৰা। ধৰ্মশাস্ত্ৰই কৈছে, 'ৰসো বৈচ ৰাস:' অৰ্থাৎ ৰস সৃষ্টিৰ উদ্দেশ্যেহে ৰাস। এই ৰস হৈছে ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰস। গতিকে ৰাসলীলাৰ লগত সাংস্কৃতিক তথা অধ্যাত্মিক তাৎপৰ্যও নিহিত হৈ আছে। অনেক বাধা-বিঘিনি অতিক্ৰম কৰি গড়মূৰ সত্ৰৰ চতুৰ্দশজনা সংস্কৃতিৱান, বিপ্লৱী, প্ৰগতিবাদী ধৰ্মগুৰু শ্ৰীশ্ৰী পীতাম্বৰ গোস্বামীয়ে সত্ৰৰ নামঘৰত উদযাপিত ৰাস উৎসৱক ১৯৩৪ চনত মঞ্চলৈ তুলি আনিছিল। ৰাস উদযাপনৰ কটকটীয়া নীতি-নিয়মবোৰ কালক্ৰমত শিথিল হৈছিল।
বিগত দুটা বছৰত পৃথিৱীয়ে বহুতো দুৰ্যোগ সহিলে। এতিয়াও দুৰ্যোগৰ সমাপ্তি ঘটা নাই; বৰঞ্চ ন ন ৰূপ সলাই আমাক জীয়াতু ভোগাইছে। তথাপি সকলো ভয়-শংকা পাহৰি মানুহে সুদিনৰ স্বপ্ন ৰচিছে। সতৰ্কতাৰ মাজতে উৎসৱৰ আয়োজন কৰি পৃথিৱীৰ হোৰোৱা ৰংবোৰ পুনৰুজ্জীৱিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
পৃথিৱীৰ অসুখ শেষ হওঁক; সু -দিনৰ প্ৰতীক্ষাৰ সফল পৰিসমাপ্তি ঘটক। ৰাস পূৰ্ণিমাৰ নিশাৰ বাঁহীৰ সুৰত সকলো অসূয়া-অমংগল নিঃশেষ হওঁক।
সম্পাদকীয় আগৰটোৱে আছে।
ReplyDeleteএইমাহৰ নতুন সম্পাদকীয় হয় । তলত থকাখিনিহে আগৰ হয়
ReplyDelete