ধাৰাবাহিক উপন্যাস সূৰ্যোদয় খণ্ড ২৩ - ৰাজেন দাস

Aditi Tanti
0
(১) 
নেট পৰীক্ষা।নেচনেল ইলিজিবিলিটি টেষ্ট। লাখৰ ঘৰত পৰীক্ষাৰ্থী। ২০২০ চনৰ ডিচেম্বৰ মাহ। পুৰণি কাটঅফ চাই চাই মিলাই থাকো। আনচাৰ কিও বাৰে বাৰে চাওঁ। মিলিলেই হয় আৰু। কেতিয়াবা সপোনত উটি-ভাহি ফুৰো। 
"আঃ কি মজা লাগিব। জেআৰএফ যদি পাওঁ। পইচা নহলে সকলো মিছা। মই নিচিন্তকৈ পঢ়িব পাৰিম। চৰকাৰে ৫ বছৰলৈ এমফিল, পিএইচডি কৰিবলৈ দিব। দি থাকে, দি আহিছে। সেইয়ে সেই পৰ্যায়ৰ ল'ৰা-ছোৱালীক যিয়ে নেট পাছ কৰিও বেছি পাৰচেন্টটেজ পাইছে মেধাৱী শাৰীৰ। চৰকাৰে নিদিষ্ট কৰি দিয়ে মার্কৰ ঘৰত পাইছে। সেয়েহে স্কলাৰস্বিপ পাবলৈ যোগ্যতা অৰ্জন কৰিছে। সেইমতে কানাড়া বেংকত একাউন্ট খোলাই লেন-দেন কৰিবলৈ দিয়া হৈছে। 
"বান্ধৈ,সপোন দেখা, কিন্তু বাস্তৱলৈ কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰা। কৌতুহলেৰে আগবাঢ়ি যোৱা। ভাল দিন আহিব"। 
জোকিৰ কথাত সাহ পাওঁ। সিও কষ্ট কৰি আছে। টিউশ্যন কৰিছে,নিজেও পঢ়িছে।জেআৰএফ পাওঁ পাওঁ । অলপ অলপ কমে। আকৌ দিয়ে। নেট পাছ বহু আগতে কৰিছে। এইবাৰ তাক কৈ দিছোঁ-
" বান্ধৈ, লাষ্টটোক বেষ্ট দিয়া। অলুৱেজ পজিটিভ। গুড দে কাম চুন"। 
দুয়ো নেট/জেআৰএফ ৰ বহু কথা পাতো। কল্পনাৰ জগততো সাতোঁৰো। কিন্তু কষ্ট হ'লে নেৰো। কৰিয়েই থাকো। কষ্ট কৰাতো মজা আছে। কঠোৰ শ্ৰম কৰি ফল লোৱাৰ আমেজেই সুকীয়া। তাতে বিদ্যাধন পৰম ধন। 

  (২) 
কৃষ্ণা দীদী।শকত আৱত।চেহেৰা শুকলা সাহিয়াল। শিক্ষিত। শিৱসাগৰৰ ছোৱালী। চাকৰিৰ সূত্ৰে দেৰগাঁৱৰ জেলেহুৱাত থাকে। আমাক বহু সময়ত সহায় কৰি আহিছে। আমাক সহায় কৰা মানুহৰ তালিকাখন অলপ দীঘলীয়া। প্ৰথম চুটি আছিল। 
কৃষ্ণাদীদীৰ ছোৱালী দুজনী। মনালিছা আৰু প্ৰিয়াক্ষী। ভিনি তীৰ্থনাথ। অসম আৰক্ষীত কৰ্মৰত । চাকৰিৰ বাদেও হাতে কামে বাঢ়ৈ কামত পাৰ্গত। ঘৰলৈ পঠিয়াই থোৱা বহিবলৈ সুবিধা কৰা মূঢ়াকেইটাই প্ৰমাণ। 
দীদীৰ দুয়ো জী পঢ়া-শুনা ভাল। সৰুজনী আৰু আগবঢ়া। কিছুৱে কয় নহয়-
"ডাঙৰজন/জনী অজলা হয়। অভঙো"
উপায়ো নাই। দুয়ো গৰাকী পঢ়া-শুনা, নাচ-গান শিকি গৈ আছে। সৰু জনীক বেছি মৰম কৰে বুলি মাইনীৰ মনে মনে খং উঠি থাকে। কিন্তু পাপাকে মাইনীক মৰম বেছি কৰিলেও ধুনুমাৰ কোনো আপত্তি নাই। ধুনুৰ স্বভাৱ এটা ভাল। মানুহ আহিলেই প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰে। ফলি-চিলেট আনি হোমৱৰ্ক লয়, প্ৰশ্ন লয়, কৰি দেখুৱাই। নজনাখিনি জানি লয়। 
"পদ্ম দাদা, মোক অংক অলপ দিয়া, মই কৰি দেখুওৱাম"
"নেওঁতা মাতিবলৈও দিবা, ৰাজেন দাদাই স্বৰবৰ্ণৰ আৰু ব্যঞ্জনবৰ্ণ খিনি নোচোৱাকৈ ক'বলৈ কৈছিল, দুটিমান নোৱাৰিছিলোঁ, শেষত পাৰিলোঁ।"
বঢ়িয়া। আৰু আগবাঢ়ি যা। 
এনে ল'ৰা-ছোৱালীক ভাল লাগে। শিকাবলৈ, বুজাবলৈ। 
অ' প-দ-ম। মাইনীয়ে ভিতৰৰ পৰা ভূমুকিয়েই নেমাৰে। বয়ল দীম কেইটা আকৌ কোনে খাব। 
"যি মূলা বাঢ়ে তাৰ দুপাততে চিন। "
মাইনীয়ে আকৌ ভাবে -
"আলহী আহিলে বাহিৰলৈ ওলাই নহাই সমীচিন"
হা-হা-হা
হা-হা-হা

লাহে লাহে নাচে-গানে,পঢ়াই-শুনাই আগবাঢ়ি গৈছে দুয়ো। ধুনমা এখোজ আগ। মাইনী মেট্রিক পাছ কৰিবলৈ সক্ষম হৈছে। মানুহ আহিলে ধুনুমাৰ কথা গীতালী বা ই কয়-
"সৰুজনী আৰু আগবাঢ়িব, তাই গাব, নাচিব,খেলিব, পঢ়িব, আঁকিব ইত্যাদি। "

   (৩) 
মাইনী মেট্রিক পৰীক্ষাত অলপ চাই দিছোঁ। টিউশ্যন দিছেই। ককায়েক হিচাপে দায়িত্ব আছে। মোৰো সময় চাপিছে। দীদীমাই দিয়া পইচাৰে অনলাইনত নবদ্বীপ মেমে লিখা নেট/জেআৰএফ ৰ কিতাপখন পঢ়িলোঁ। খুব ভাল কিতাপ। সুন্দৰকৈ কন্টেন্ট, কনচেপ্ট, সহজ-সৰলকৈ বুজোৱা হৈছে। পুৰণি প্ৰশ্নোত্তৰ দিয়া হৈছে। এইয়া পেপাৰ ওৱান অৰ্থাৎ ইংৰাজী পেপাৰ গাইড বুকৰ কথা কৈছোঁ। পজিটিভ আছো। কষ্ট কৰিছোঁ। ভাল ফল পাম। বিনাকষ্টত ফল নিবিচাৰোঁ। এই কথা নপঢ়াকৈ মন্দিৰত বাৰে বাৰে চাকি জ্বলোৱাৰ দৰে। মন্দিৰৰ পূজাৰীয়ে যেতিয়া সেই বিজ্ঞাপনটোত দিছিল-(তাবিজটোৰ ভিতৰভাগত লিখা আছিল) 
"পঢ়িলে পাছ, নপঢ়িলে ফেইল" খেলত,প্ৰেমত, কামত, পঢ়া-শুনাত,সমস্যাত, দুৰ্যোগ এইবোৰত
ধৈর্য ধৰিব লাগিব। আমাৰ প্ৰেমৰ বয়স আধাকুৰি হ'লহি। চোনাই কৈ থাকে-
"কোনোবা ঘৰৰ খবৰ নিদিয়াকৈয়ে আহে। মই এতিয়াই বিয়াত নবহো। ডাঙৰজনী থাকোতে সৰুজনী কেনেকৈ হওঁ। "
কথাতে কয় নহয় ছোৱালী থাকিলে ল'ৰাই চাবলৈ আহিবই। "কুকুৰাৰ কণী তেল, যাৰ ঘৰত ছোৱালী আছে তাৰ ঘৰতে মেল"।মোৰো উপায় নাই। কেৰিয়াৰ বনি যোৱা নাই। ধৈর্য ধৰিছে। ধৰিব লাগিব। সচাঁ প্ৰেমত এইবোৰ অতি প্ৰয়োজন। ভালপোৱা নামত ভেকোভাওনাটো কৰি লাভ নাই। 
"তুমি বুজিবলৈ যত্ন কৰা। ঘৰৰ পৰা আঁতৰি আহি কষ্ট কৰিয়েই আছো। আনক পঢ়াইছো। নিজে পঢ়িছোঁ। পগলা হৈ গৈছো। কষ্টৰ ফল পামেই চাবা। নিজক নঠগাকৈ পঢ়াখিনিয়ে সদায় ভাল ফল পাই আহিছে। মোৰ লগতো সেইয়াই হ'ব। 
তোমাক যে মই কৈছিলোঁ ? 
কি? 
মই মোৰ লগৰ জেআৰএফ হৌল্ডাৰ পম্পী কোঁৱৰৰ গোটেই নোটখিনি ডাকত পঠিয়াবলৈ। তাই হাঁহি কৈছিল-
" হা-হা-হা
কেনেকৈ পঠাম,ইমানখিনি। সৎ পথত থাক। কষ্ট কৰ পাৰিবি।"
আকৌ বিমুখ। শিখা বা। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা। ড°নীৰাজনা মহন্ত বেজবৰা তত্বাৱধায়ক। বা সৰুবহী এখনত ইম্পৰটেন্ট পইন্ট লিখা বহী দি সহায় কৰিছিল। যি কি প্ৰস্তুতি আকৌ ধাৰাসাৰে গ'ল। ফলাফল লৈ ৰৈ আছো। বাৰে বাৰে লাজ পাই আছো। কলেজত কন্ট্ৰেকচুৱেলত থাকোতে সুধি থাকে। 
নেট আছে? 
নাই
জেআৰএফ!
কৃষ্ণ
প্ৰফেছৰ ইন্টাৰভিউ দিছা?
নাই? দি আছো, পাম। 
এইবাৰ নেট পাছ কৰিব লাগে। আগতে এই কথাষাৰকে ওস্তাদি মাৰি আছিলো। ফলো পোৱা নাছিলোঁ। গোটেই গছডালৰ ডাল, পাত, ফল, খৰি সৰি সৰি পৰিলেও গা-গছডাল থাকে। তাতে আকৌ নতুনকৈ গজালি মেলে। তাতে গছৰ পাতে ফলে পানী দিয়াতকৈ গছৰ গুৰিত দিব লাগে।তেতিয়া গোটেই গছডালে পাব। গুৰুজনাই কৈছে। অৰ্থাৎ আমি যিখিনি কষ্ট কৰিলে ভাল ফল পাম সেইখিনি কৰিব লাগিব। 'ছাত্ৰনংঅধ্যয়নং তপ' বুলি কথাষাৰ আছে। 



ক্ৰমশঃ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)