মাটিৰ চাকি-বিটুমনি কোঁছ

©Admin
0
মা,তোমাৰ দৰমহা হ'ল। মই গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰলৈ যাম।এইবাৰ দীপাৱলীত যাম বুলি মই প্ৰভুক কথা দিয়া আছে।ঠিক আছে যাবা বাৰু।ডাঙৰ ল'ৰা মন উৎফুল্লিত হৈ পৰিল।লগে লগেই প্ৰভুলৈ ফোনটো লগাই ব্যস্ত হৈ পৰিল ।

ডাঙৰটো আঁতৰি যোৱালৈ সৰু ল'ৰাই বাট চাই আছিল।মাকৰ চাদৰৰ আচলত ধৰি ঠেনঠেন-পেনপেন।সি গুৱাহাটীলৈ যাব।ইমান টকা খৰচ কৰিব।মই কিবা নাজানো নেকি?মোকো লাগিব।মমবাতি ৫০০ টকা।ফি ফি ২০০ টকা বম লাগিব ১০০ টকা আৰু ৰকেট লাগিব ২০০ টকা।ঠিক আছে লবা।

মাজত মাত্ৰ দুটা দিন আছে।মা আজি মোৰ কাপোৰ কেইযোৰ ধুই দিবা।মা মোক কিবা এটা লাগিছিল।

কি অ'? তোমাৰ লক্ষিমী হাতৰ অকনমান আশীৰ্বাদ।যাতে মোৰ যাত্ৰাপথত বাধা নহয়।এই হাতেৰে তুমি যেন কোৱা যোৱা বাচা আৰু ১০০০ টকা লৈ যোৱা, তোমাৰ অসুবিধা হ'ব পাৰে।

ঠিক আছে অ' এই হাত তোমাৰ মূৰৰ ওপৰতে থাকিব দীপাৱলীত।

তোমাৰ আশীৰ্বাদ শিৰোধাৰ্য্য মাতা।মই তোমাৰ বচন আখৰে আখৰে পালন কৰিম।

অলপ আঁতৰত কথা শুনি থকা সৰু ল'ৰাই ককায়েক আঁতৰি যোৱালৈ বাট চাই আছিল।

মা অ' মই মিঠাইৰ কথা ক'বলৈ পাহৰিলোঁ।জেলেপি আৰু চাওমিন লাগিব।ভালেই হ'ব।সি গুচি যাব। পাপাই মিঠাই নাখায়।মই আৰু তুমিয়েই খাম।

হ'ব অ'।দীপাৱলীত প্ৰভু ৰাম, সীতা আৰু লক্ষ্মণ বনবাসৰ পৰা নিজ ৰাজ্য অযোধ্যালৈ ঘূৰি আহিছিল।সেই বাবে সকলোৱে ঘৰে ঘৰে চাকি বন্তি জ্বলাই আনন্দত নাচিছিল।

আমাৰ ঘৰত ইমান সুন্দৰকৈ দীপাৱলী পাতিবা যেতিয়া নাচিবও লাগিব।

নাচিম।মই কৃষ্ণ নাচ।অ' তুমি ৰাসত কৃষ্ণ নাচিবলৈ শিকিয়েই আছা।নাচিবা নাচিবা।যাৰ ঘৰত এশগছ মাটিৰ চাকি জ্বলি থাকিব।তাৰ ঘৰলৈ ভগৱান ৰাম সোমাই আহিব।

মই জ্বলাম।এশগছ মাটিৰ চাকি।আমাৰ ঘৰলৈ ভগৱান ৰাম সোমাই আহিব।সিহঁতৰ ঘৰত মমবাতি হে জ্বলাব ভগৱান ৰাম নোসোমায়।

আনৰ কথা পাতিব নাপায়।ভগৱানে দুখ ধৰিব।

মা' মই আজি ট্ৰেইনৰ টিকট কাটিম।

কাটিবা
মইও যাব লাগিব যেতিয়া দুটা টিকট কৰিবা।

তুমি আক ক'ত যাবা।

তোমাৰ লগত।কিয় তুমিয়েই দেখোন মোৰ পৰা আশীৰ্বাদ লৈছা।দীপাৱলীত মোৰ হাত যেন তোমাৰ মূৰৰ ওপৰত থাকে।মই তোমাক কথা দিলোঁ।মোৰ হাত তোমাৰ মূৰৰ ওপৰত দীপাৱলী শেষ নোহোৱা পৰ্যন্ত থাকিব।সেই বাবে মই তোমাৰ লগত যামেই।মোৰ বচন এক।

নাযাওঁয়েই যা।

মাকে মিচিকিয়াই হাঁহিলে।

মা আজিয়েই সকলো বজাৰ কৰিব লাগিব। মোক কিন্তু ১০০০ টকা লাগিবই।

ৰহ' মই দি আছোঁ।প্ৰথমে এশগছ মাটিৰ চাকি কিনিবা।মাটিৰ চাকিৰ লগত শলিতা আহিবই।মিঠাতেল একলিটাৰ লাগিব।আৰু বাকী থকা টকা তুমি যি কিনা কিনিবা।

সৰুল'ৰাই বজাৰ কৰি আহিল।মাটিৰ চাকি এশগছত ৬০০ টকা গ'ল। মিঠাতেল একলিটাৰত ২২০ টকা গ'ল।মোৰ হাতত মাত্ৰ ১৮০ টকা থাকিল।

হ'ব দিয়া।সেই টকাৰে তুমি ফি ফি কিনিবা।কৃষ্ণ নাচিবা যেতিয়া হাতত ফি ফি লৈ নাচি থাকিবা।

গোটেই ঘৰৰ চৌহদ মাটিৰ চাকি পোহৰে উজ্বলি উঠিল।সেই পোহৰত সৰু ল'ৰাই কৃষ্ণ নাচিব ল'লে।
ডাঙৰ ল'ৰাই মোবাইলত ভায়েকৰ ভিডিঅ বনাইছে।

মাকে প্ৰায়স আৰু জেলেপি দুয়োটালৈ যোগাৰ কৰি ক'লে, নিজৰ ঘৰখনতেই মন্দিৰ বিচাৰি পাবা।

ডাঙৰ ল'ৰাই মাত লগালে, মাটিৰ চাকিৰ গোন্ধটোত মোৰ মন্দিৰত থকা যেনেই লাগিছে।সৰু ল'ৰাই হালি-জালি কৃষ্ণ নাচি থাকিল।

মাকে ভগৱানলৈ হাতযোৰ কৰি ক'লে, প্ৰভূ মোৰ পোনা দুটিক কুশলে ৰাখিবা।

বিটুমনি কোঁছ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)